মাজগাঁৱত পথৰ ওপৰতে বাগৰি পৰিল গছ : তিনিগৰাকী ছাত্ৰ-ছাত্ৰীসহ ৪জন আহত

Three students along with a local injured today at Tezpur Mazgaon road while a big tree uprooted on the road in front of Mazgaon Panchayat office under Tezpur police station .

তেজপুৰ মাজগাঁৱত ৰাষ্টাৰ ওপৰতে এডাল ডাঙৰ গছ উভালি পৰাৰ ফলত তিনিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু এজন স্থানীয় লোক আহত হয়। তেজপুৰ আৰক্ষী থানাৰ কাষৰ মাজগাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণি মতে, পথৰ দাঁতিত থকা গছডাল অকস্মাতে শিপা উভালি বাগৰি পৰাৰ ফলত পথৰ কাষত থকা তিনিখন মটৰচাইকেলৰ ক্ষতি সাধন হোৱাৰ লগতে ৪জন লোক আহত হয়। আহত ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ নাম হৈছে তেজপুৰ আইন মহাবিদ্যালয়ৰ ছাব্বাছ ইছফাকুল আলম, দৰং মহাবিদ্যালয়ৰ ছুবাছুন ছুলতানা আৰু দৰং মহাবিদ্যালয়ৰ ছাত্ৰ মুস্তাকুল আলী আৰু আন্নাছ আহমেদ নামৰ এজন লোক। আহতসকলক তেজপুৰৰ কনকলতা অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এখন দোকানৰ সন্মুখত এই লোকসকল গোট খাই থকা সময়ত অকস্মাতে শিপা উভালি গছডাল তেওঁলোকৰ ওপৰত বাগৰি পৰে। উল্লেখ্য যে গছডাল বাগৰি পৰাৰ আগলৈকে আৰু বহুতো মানুহ এই গছডালৰ তলত জুম বান্ধি আছিল।

কাষতে থকা পঞ্চায়ত কৰ্যালয়লৈ বিভিন্ন কামত অহা আৰু  নাগৰিকপঞ্জী পৰীক্ষণৰ বাবে অহা লোকৰ সমাগমৰ বাবে এই ঠাইত মানুহৰ যথেষ্ট ভীৰ হৈ থাকে।গৰমৰ পৰা হাত সৰাৰ বাবে এই ঠাইলৈ অহা লোকসকলে এই গছডালৰ শীতল ছাঁত জিৰণি লৈছিল।