NORTHEAST NOW (Assamese)

মাজুলীত উদ্ধাৰ বৃহৎ আকাৰৰ অচিনাকি বস্তু

December 10, 2017 12:23 pm · এন ই নাও নিউজ ব্যুৰো
Updated: December 10, 2017 12:29 pm

ব্ৰহ্মপুত্ৰ জলৰাশি অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা আতংকৰ মাজতে নদীদ্বীপ মাজুলীত কালি উদ্ধাৰ হয় এক বৃহৎ আকাৰৰ অচিনাক্ত যন্ত্ৰ। প্ৰাপ্ত তথ্য মতে কালি বিয়লি স্থানীয় কোনো লোকে ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যাওঁতে নদীৰ মাজত উক্ত যন্ত্ৰবিধ দেখা পায়। আনহাতে বিগত কিছু দিনৰ পৰা ব্ৰহ্মপুত্ৰ উৎপত্তিৰ স্থলত চীনে বিষাক্ত সামগ্ৰী পোলোৱা বুলি চলি অহা চৰ্চাৰ মাজতে মাজুলীত কালি উদ্ধাৰ হোৱা উক্ত যন্ত্ৰবিধে স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা যন্ত্ৰ বিধৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্ৰ ওলোৱা নাই যদিও স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে ইয়াক যুদ্ধ বিমানৰ ধ্বংসাৱশেষ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News