NORTHEAST NOW (Assamese)

মাজুলীত ঐতিহাসিক সম্পদ সংৰক্ষণৰ অভিলাষী আঁচনি গ্ৰহণ

May 1, 2018 7:19 pm · মিটু খাটনিয়াৰ

আজিৰ পৰা সত্ৰ নগৰী মাজুলীত ঐতিহাসিক সম্পদ সংৰক্ষণৰ এক অভিলাষী আঁচনিৰ কাম আৰম্ভ হৈছে। ‘ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফ’ৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেইজ’ (INTACH)ৰ যোগেদি এই কাম কৰা হ’ব।

মাজুলী জিলা উপযুক্ত দেৱ প্ৰসাদ মিশ্ৰই আজি মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত INTACH-ৰ যোগেদি হ’বলগীয়া এই বৃহৎ প্ৰকল্পৰ কামৰ শুভাৰম্ভণি কৰে।

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ চৰাত সত্ৰাধিকাৰ ননীগোপাল গোস্বামীৰ উপস্থিতিত অনুষ্ঠিত সভাত INTACH-ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই প্ৰকল্পটোৰ যোগেদি মাজুলীৰ ঐতিহাসিক সম্পদ সমূহৰ বিজ্ঞান সন্মত সংৰক্ষণ আৰু উপযুক্ত তথ্য-পাতি প্ৰস্তুত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ লগতে সাঁচি পাটৰ পুথিসমুহ কেনেকৈ ৰাখিব লাগে এই সম্পৰ্কত ৰাষ্ট্ৰীয় পাণ্ডুলিপি সংগ্ৰহালয়ৰ অধ্যক্ষই আহি দক্ষিণপাট সত্ৰৰ ৬ গৰাকী ভকতক প্ৰশিক্ষণ দিব বুলি জানিব পৰা গৈছে।

প্ৰকল্পটোৰ অধীনত এচিড মুক্ত বাকচ যোগান ধৰাৰ লগতে বিষয়বস্তু অনুসৰি তথ্য সম্বলিত ভাবে ৰখাৰ দিহা কৰা হ’ব।

Related News