মাজুলীত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ অধীনত জৰুৰীকালীন সেৱা কেন্দ্ৰ মুকলি

প্ৰতিনিধিত্বমূলক ছবি

যিকোনো আপাতকালীন পৰিস্থিতি মোকাবিলাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মাজুলীত আজি এটা ‘জিলা জৰুৰীকালীন পৰিচালন কেন্দ্ৰ’ চমুকৈ ডি ই অ’ চি (District Emergency Operation Center) মুকলি কৰা হৈছে।

জনসাধাৰণৰ সুবিধাৰ্থে মাজুলী জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ চমুকৈ ডি ডি এম এ (District Disaster Management Authority)ৰ অধীনত জিলা উপাযুক্তৰ কাৰ্যালয়ত উক্ত কেন্দ্ৰটোক মুকলি কৰা হৈছে।

আপাতকালীন পৰিস্থিতিৰ ক্ষেত্ৰত মাজুলীৰ লোকসকলে ১০৭৭ নম্বৰত ফোন কৰি কেন্দ্ৰটোৰে যোগাযোগ কৰিব পাৰিব।

দিনে নিশাই নিৰন্তৰ সক্ৰিয় এই কেন্দ্ৰৰ (১০৭৭ নম্বৰ) জৰিয়তে ৰাইজে মাজুলী জিলাৰ পৰিসীমাৰ ভিতৰত দেখা দিয়া যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বিষয়ে জিলা প্ৰশাসনক তাৎক্ষণিকভাবে জনাব পাৰিব।

এই সেৱা ২৪x৭ ঘন্টা অাৰু বছৰটোৰ ৩৬৫ দিনেই সক্ৰিয় হৈ থাকিব বুলি জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ফালৰ পৰা জনোৱা হয়।