মাজুলীত বিশ্বকাপৰ উন্মাদনা : ১ জুলাইৰ পৰা জিলা ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

ATTACHMENT

সমগ্ৰ বিশ্বৰ লগতে অসমতো আৰম্ভ বিশ্বকাপ ফুটবলৰ উন্মাদনা । সত্ৰনগৰী মাজুলীতো এতিয়া বিশ্বকাপৰ জ্বৰ। বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ সৌজন্যত বনগাঁও ৰংঘৰত পূণ্য শইকীয়াৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত অহা ১ জুলাইৰ পৰা বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ সৌজন্যত মাজুলী জিলা ভিত্তিত প্ৰাইজমানী ফুটবল খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাখনত বনগাঁও , ৰাৱণাপাৰ , দক্ষিনপাট পঞ্চায়তৰ পৰা শতাধিক দল- সংগঠনৰ প্ৰতিনিধিৰ লগতে শিক্ষক,  সমাজকৰ্মী সকল উপস্থিত থাকে। অৱসৰপ্ৰাপ্ত শিক্ষক শান্তিৰাম বৰা , যোগধৰ শইকীয়া, লীলা শইকীয়া, বিশ্ব ঠাকুৰ, হৰেন শইকীয়া,  মাণিক শইকীয়া , কমল তামুলী, হৰেন বৰা, শিক্ষক ৰবীন্দ্ৰ নাথ শইকীয়া , দিলীপ চমুৱা , বুবুল বণিয়া, উপেন ভূঞা , অজিত দাস , ফণীধৰ গায়ন, অনন্ত বৰা, সমাজকৰ্মী চিদাৰাম বণিয়া, বদন বৰা, দেৱজিৎ শইকীয়া, হলিয়াম দাস , নৰেন বৰা আদিয়ে খেলখন অনুষ্ঠিত কৰিবলৈ লোৱাত আনন্দ প্ৰকাশ কৰে আৰু দিহা- পৰামৰ্শ আগবঢ়ায়।

উল্লেখযোগ্য যে খেলখনৰ বাবে প্ৰথম পুৰস্কাৰ ৩০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ সুযোগ্য সন্তান ডা: অমৃত শইকীয়াই। দ্বিতীয় পুৰস্কাৰ  ২০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ সুযোগ্য সন্তান আভ্যন্তৰীণ বিভাগৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে। সুযোগ্য খেলুৱৈক ৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ আগবঢ়াব মাজুলী আছুৰ নেতা দুলাল ভূঞাই। চতুৰ্থ পুৰস্কাৰ শ্ৰেষ্ঠ গল দাতাক ৩ হাজাৰ টকা মাজুলী নিকিখোৱা গাঁৱ নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ হাজৰিকাই, আদৰণি তোৰণ আগবঢ়াব মাজুলী পেৰাভাৰী গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাবা বৰাই।

সাধাৰণ সভাই দাতা সকলক ধন্যবাদ জ্ঞাপন কৰিছে। তদুপৰি খেল পৰিচালনা সমিতিৰ উপদেষ্টা সকলেও দান- বৰঙণি আগবঢ়াছে ।  অহা ২৫ জুনৰ ভিতৰত দল সমূহৰ যোগদান শেষ তাৰিখ।

এইক্ষেত্ৰত মাজুলীবাসী ৰাইজৰ সহায়- সহযোগ কামনা কৰিছে বনগাঁও আঞ্চলিক তৰুণ ক্লাবে। খেল উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী নৱ দলে, সাংসদ প্ৰদান বৰুৱা, দক্ষিণপাট সত্ৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামী উপস্থিত থাকিব। উল্লেখযোগ্য যে সভাখনৰ আঁত ধৰে মাধুৰ্য বেজবৰুৱাই।