NORTHEAST NOW (Assamese)

মাজুলীত ভয়াৱহ আগ্নিকাণ্ড : ছাৰখাৰ হ’ল মেধাৱী ছাত্ৰী চয়নিকা দলেৰ শিক্ষাগত প্ৰমাণপত্ৰ

June 14, 2018 2:52 pm · মিটু খাটনিয়াৰ

বৃহস্পতিবাৰে মাজুলীৰ জেংৰাইমুখ কেচাইখোৱা গাঁৱত দিন দুপৰতে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে কামলাকান্ত দলে নামৰ এজন লোকৰ ঘৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ফলত এই অগ্নিকাণ্ডত দুটাকৈ ছাং ঘৰ আৰু এটা ভৰাল ঘৰ ভস্মীভূত হয়।

জানিব পৰা অনুসৰি শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে দিনৰ ১২:৪৫ বজাত সংঘটিত অগ্নিকাণ্ডৰ সময়ত পৰিয়ালটোৰ কোনো লোক ঘৰত নথকাৰ বাবে কথমপি ৰক্ষা পৰে। ইয়াৰ বিপৰীতে পৰিয়লটোৰ জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি।

মন কৰিব লগীয়া যে ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও এই ভয়ংকৰ অগ্নিকাণ্ডই ছাৰখাৰ কৰিলে চয়নিকা দলে নামৰ মেধাৱী ছাত্ৰী গৰাকীৰ শিক্ষাগত সকলো প্ৰমাণ পত্ৰ। ফলত স্বাভালৱিকতে শোকত ভাগি পৰিছে ছাত্ৰী গৰাকী।

Related News