মাজুলীবাসীৰ বাবে সু-খবৰ : ‘নেষ্টলেৰ’ জনপ্ৰিয় চকলেট ‘কিটকেট’ত মাজুলীৰ ‘পিকচাৰ প’ষ্টকাৰ্ড’

শেহতীয়াকৈ মাজুলীবাসী তথা ৰাজ্যবাসীলৈ এক সু-খবৰ। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ কোম্পানি ‘নেষ্টলে’ৰ (NESTLE)ৰ এটি জনপ্ৰিয় চকলেট ‘কিটকেট’ত বিশ্বৰ বৃহত্তম নদীদ্বীপ, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগস্থল মাজুলীৰ নাম প্ৰকাশ পাইছে।

‘কিটকেট’ৰ এই নতুন বিজ্ঞাপন অভিযান মাই ট্ৰেভেল ব্ৰেক (mytravelbreak) অনুস‌ৰি বিভিন্ন ঠাইৰ লগতে মাজুলীৰ ‘পিকচাৰ প’ষ্টকাৰ্ড’ ‘কিটকেট’ৰ পেকেটত মুদ্ৰিত হোৱাত এতিয়া মাজুলীবাসী আনন্দিত হৈ পৰিছে। পোন প্ৰথমবাৰৰ বাবে ফে’চবুকৰ এটি জনপ্ৰিয় পৃষ্ঠা ‘পেৰাগন লাইভ’ যোগে এই কথা প্ৰকাশ পোৱাৰ পাছতেই সমগ্ৰ অসমৰ লগতে মাজুলীবাসী বিশেষভাৱে উত্‍সাহিত হৈ পৰিছে।

এই প্ৰসংগত মাজুলীবাসীৰ লগতে অসমৰ বিভিন্নজনে মন্তব্য কৰি কয় যে এই বিজ্ঞাপনৰ জৰিয়তে ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ ওচৰত মাজুলীক চিনাকী কৰি দিয়া হৈছে, যিহেতু মাজুলী সম্পৰ্কে এতিয়াও অসমৰ বাহিৰৰ বহু ব্যক্তি জ্ঞাত নহয়।

তদুপৰি মাজুলীৰ পৰ্যটনৰ ক্ষেত্ৰ এই বিজ্ঞাপনৰ পাছত যথেষ্ট উপকৃত হ’ব বুলি বহুজনে মন্তব্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ‘কিটকেট’ৰ এই মাই ট্ৰেভেল ব্ৰেক (mytravelbreak) বিজ্ঞাপন অভিযানত মাজুলীৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নামো অন্তৰ্ভুক্ত হৈছে বুলি জানিব পৰা গৈছে।