NORTHEAST NOW (Assamese)

মাজুলীৰ ইলা চুতীয়ালৈ ‘ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গেল বঁটা’

May 3, 2018 8:21 pm · মিটু খাটনিয়াৰ

মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই নিজৰ কৰ্মনিষ্ঠা আৰু উল্লেখনীয় সেৱাৰে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মী। মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনৰ মহিলা স্বাস্থ্য পৰিদৰ্শিকা ইলা চুতীয়াক ‘ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গেল বঁটা-২০১৮’ৰ বাবে বাছনি কৰিছে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

নতুন দিল্লীত অহা ১২ মে’ত  ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা তেওঁ এই সন্মান গ্ৰহণ কৰিব।

উল্লেখ্য যে নাৰ্ছিং সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে বিশ্বৰ মানৱ দৰদী মহান নাৰ্ছ ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্মদিন ১২ মে’ৰ দিনা পালন কৰা ‘আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস’ৰ শুভ ক্ষণত জনসাধাৰণক উৎকৃষ্ট নাৰ্ছিং সেৱা প্ৰদান কৰি অহা দেশৰ কেইগৰাকীমান নাৰ্ছক মহামহিম ৰাষ্ট্ৰপতিয়ে এই সন্মানীয় বঁটাটি প্ৰদান কৰি আহিছে।

এই বঁটাত আছে  ৫০ হেজাৰ টকাৰ ধনৰাশি, এখন প্ৰশস্তি পত্ৰ আৰু এটা সুশোভিত মেডেল। এই অতি সন্মানীয় ৰাষ্ট্ৰীয় নাৰ্ছিং বটাৰ বাবে বাছনি লাভেৰে মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱাৰ বাবে ইলা চুতীয়াক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ফুলাম গামোছা আৰু শৰাইৰে উষ্ম সম্বৰ্ধনা জনাই মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

ইলা চুতীয়াৰ এনে কৰ্মনিষ্ঠা আৰু উদ্যমে নিজৰ লগতে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়াকো অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে।

অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস, চিন্ময় নাথৰ লগতে জিলা প্ৰশাসনৰ আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশ, বিষয়া, জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডা: শশীধৰ ফুকন, কমলাবাৰী ব্লক পিএইচ চিৰ মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি শইকীয়াও উপস্থিত থাকে।

Related News