মাজুলীৰ দক্ষিণ আঁহতগুৰিত নিৰ্মাণ হ’ব ৩খন পকী দলং; ধোদাঙত ‘জন-প্ৰশাসন’ কাৰ্যসূচী

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা মাজুলী জিলাৰ অতি আওহতীয়া, দুৰ্গম অঞ্চল দক্ষিণ আঁহতগুৰিত বাৰিষাৰ পিছতে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৩খনকৈ পকী দলঙৰ। দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ ধোদাঙত আজি মাজুলীৰ উপায়ুক্তৰ উদ্যোগত আয়োজিত জিলা প্ৰশাসনৰ অভিলাষী জনসংযোগী কাৰ্যসূচী “জন-প্ৰশাসন”ত অঞ্চলবাসীৰ বাবে এই সুখবৰ প্ৰকাশ কৰে গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে।

জিলা প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আৰক্ষী অধীক্ষক হীতেশ ৰায় আৰু অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ উপৰি জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলক লগত লৈ আজি ধোদাঙৰ নৱজ্যোতি কৃষ্টি সংঘত এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

এই অনুষ্ঠানত উপায়ুক্তৰ নিৰ্দেশত প্ৰথমে জিলাখনৰ কৃষি, সমাজ কল্যাণ, গ্ৰামোন্নয়ন, গড়কাপ্তানী গ্ৰাম্য পথ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, পশুপালন আৰু পশুচিকিৎস্যা, খাদ্য আৰু অসামৰিক যোগান, মীন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ আৰু ৰাজহ বিভাগৰ মূৰব্বী বিষয়াসকলে দক্ষিণ আঁহতগুৰি এলেকাত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আৰু জনকল্যাণৰ আঁচনি বিষয়ে স্থানীয় লোকসকলক অৱগত কৰে।

ইতিমধ্যে মুখ্য মন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাৰ অংশ হিচাপে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ পথ যোগাযোগ ব্যৱস্থাৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে লোৱা কেইবাখনো নতুন দলং আৰু পথ নিৰ্মাণ আঁচনিৰ কথা ৰাইজৰ আগত ঘোষণা কৰে বিভাগটোৰ কাৰ্যবাহী অভিযন্তা বিপুল দত্তই। তেওঁ ৰাইজক জনোৱা মতে সদ্যহতে দক্ষিণ আঁহতগুৰিত থকা ভুৰিয়া-নাওঘাট, উৰিয়াআটি-কৰৈগুৰি আৰু ৰৌমাৰা-বাহিৰ ৰৌমাৰাৰ কাঠৰ দলং তিনিখন এইবাৰ পকী দলঙলৈ উন্নীতকৰণৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। একেদৰে চৰাচাপৰি-শগুণখোৱা পথটো পি এম জি এছ ৱাইৰ অধীনত এইবাৰৰ বাৰিষাৰ পিছতে পকীকৰণ কৰা হ’ব।

অনুষ্ঠানৰ সামৰণিত উপায়ুক্ত মিশ্ৰই অঞ্চলৰ বাসীক অৱগত কৰে যে দক্ষিণ আঁহতগুৰিবাসীক শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিব পৰাকৈ মাজুলীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসনৰ ৰাজহ বিভাগে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

জনপ্ৰশাসনৰ অধীনত আজি নৱজ্যোতি হাইস্কুলত স্বাস্থ্য বিভাগে ধোদাংবাসীৰ বাবে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰে।

আনহাতে ধোদাঙৰ জনপ্ৰশাসনত ভাগ লোৱাৰ বাবে আজি পুৱা ৭ বজাতে কমলাবাৰী ঘাটৰ পৰা জিলা প্ৰশাসনৰ দুখনকৈ ফেৰীৰে উপায়ুক্তৰ লগতে আন শীৰ্ষ বিষয়া, বিভাগীয় মূৰব্বী আৰু বিষয়া-কৰ্মচাৰীৰ বৃহৎ দলটোৱে নিমাতিঘাট অভিমুখে যাত্ৰা কৰিছিল যদিও প্ৰচণ্ড ঘন কুঁৱলীৰ আচ্ছাদনৰ বাবে দুয়োগন ফেৰীয়েই ব্ৰহ্মপুত্ৰৰ মাজত দিশ হেৰুৱাই পেলায়।

দিশহাৰা হৈ ফেৰীদুখন যথেষ্ঠ সময় ব্ৰহ্মপুত্ৰৰ মাজতে ঘূৰাই ফুৰাৰ পিছত এটা সময়ত গুৰিয়ালে দুয়োখন ফেৰী নিমাতিঘাটৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত এটা চাপৰিত বহুসময় ধৰি ৰখাব লগা হয়। অৱশেষত মোবাইল ফোনৰ জি পি এছৰ আধাৰত উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়াসকলক কঢ়িয়াই নিয়া ফেৰীদুখন প্ৰায় ১০.৪৫ বজাত সুকলমে নিমাটিঘাটত উপস্থিত হয়গৈ।