NORTHEAST NOW (Assamese)

মাজুলীৰ বিহু সন্মিলনৰ পৰা যুৱ প্ৰজন্মক ধ্যান-ধাৰণা সলনি কৰাৰ আহ্বন মুখ্য মন্ত্ৰীৰ

May 16, 2018 8:08 pm · মিটু খাটনিয়াৰ

মাজুলীৰ গড়মূৰত অনুষ্ঠিত মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱালে বিহুৱে যোগোৱা প্ৰেৰণাৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মই কৰ্ম সংস্কৃতি গঢ়াত আত্মনিয়োগ কৰিব লাগিব বুলি মন্তব্য কৰে।

ভাষণ প্ৰসঙ্গত তেওঁ ভিয়েটনামৰ উন্নত কৃষি ব্যৱস্থাৰ কথা উল্লেখ কৰি কয়, ‘আমাৰ যুৱ সমাজে নিজৰ ধ্যান-ধাৰণা সলনি কৰিলে অসমেও কৃষি খণ্ডত চহকী ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হ’ব।‘

ইয়াৰ উপৰি মাজুলীলৈ বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে মাজুলীৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু বিশুদ্ধ বায়ু-পানী ভৱিষ্যতৰ বাবে অক্ষত কৰি ৰাখিব লাগিব বুলি মন্তব্য কৰে।

উক্ত সভাত ভাষণ প্ৰদান কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে সংস্কৃতিৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

আজিৰ এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, উপায়ুক্ত দেৱ মিশ্ৰ প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

অনাহাতে ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিেশন কৰিব জুবিন গাৰ্গে। ইতিমধ্যে কমলাবাৰী ফেৰীৰে আহি তেওঁ মাজুলীত উপস্থিত হৈছেহি।

Related News