NORTHEAST NOW (Assamese)

মাজুলী জিলাৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত কুমাৰবাৰী গাঁৱত শিশুৰ সলিল সমাধি

April 8, 2018 10:04 pm · এন ই নাও নিউজ

মাজুলী জিলাৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত কুমাৰবাৰী গাঁৱত এটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে জেংৰাইমুখ থানাৰ অন্তৰ্গত কুমাৰবাৰী গাঁৱৰ নিৱাসী বিজু পেগু আৰু জ্যোতি পেগুৰ ৫ বছৰীয়া শিশু মাৰবল পেগু বিয়লি লগৰ সমনীয়াৰ সৈতে ঘৰৰ সমীপতে খেলি আছিল।

কিন্তু বহু দেৰিলৈকে শিশুটি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে আৰু শিশুটিক বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে। বিচাৰ-খোচাৰ কৰি থকা স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে মাৰবলক গাঁওখনৰ নামঘৰ ডুবাৰ ফালে যোৱা বুলি কোৱাত পৰিয়ালৰ লোক আৰু গাওবাসী উক্ত স্থানত দৈ শিশুটিৰ বিচাৰিবলৈ আৰম্ভ কৰে।

অৱশেষত স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে শিশুটিক সন্ধ্যা প্ৰায় ৬.৩০ বাজত মৃত অৱস্থাত উদ্ধাৰ কৰে।

Related News