নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে বৃহস্পতিবাৰে কয় যে মাটিৰ গৰাকীসকলে কোনো সংকোচ নকৰাকৈ তেওঁলোকৰ মাটিসমূহ উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰৰ অনুমতি দিব লাগে। কিয়নো আন্তঃগাঁথনিয়ে নিশ্চিতভাৱে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব আৰু ভৱিষ্যতে বিকাশ কঢ়িয়াই আনিব।
জালুকীক অতিৰিক্ত উপায়ুক্তৰ মুখ্যকাৰ্যালয় হিচাপে উদ্বোধন কৰি তেওঁ কয় যে প্ৰকৃত উন্নয়ন পাবলৈ হ’লে জনসাধাৰণে চৰকাৰক সকলো দিশতে সহযোগ কৰিব লাগিব।
জেলিয়াঙে সামূহিক প্ৰচেষ্টাইহে ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব আৰু উন্নয়নমূলক কামৰ বাবে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ মানসিকতা সৃষ্টি কৰিব লাগিব বুলি কয়। লগতে তেওঁ কয় যে জনসাধাৰণৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ কথা যেতিয়া আহে আমি নেতিবাচক চিন্তাবোৰ পৰিত্যাগ কৰা উচিত।
নাগালেণ্ডৰ শইচ ক্ষেত্ৰৰ হৃৎপিণ্ড হিচাপে পৰিচিত জালুকীৰ সুখ্যাতিক সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰাজ্যখনৰ আন ঠাইলৈ আনকি ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি কৰিব পৰা যায়।
তেওঁ ৰাইজক জনায় যে এক কোটি টকাৰ ওপৰৰ কামৰ নিৰ্দেশৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনোৱা ই-টেণ্ডাৰিং তথা গ্ল’বেল টেণ্ডাৰিং ব্যৱস্থা ৰূপায়ন কৰা হৈছে। ম’নৰ টিজিটৰ পৰা পেৰেন ৰ খেলমালৈ নাগালেণ্ড এক্সপ্ৰেছ হাইওৱে আৰু অৰুণাচল ট্ৰাংক ৰোডৰ ক্ষেত্ৰত গ্ল’বেল টেণ্ডাৰিং ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি তেওঁ উদাহৰণ দাঙি ধৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰয়াত নামগেঙহেইং কেউও, আইকেইশ্বিং, কেনছেম আদিৰ দৰে কিংবদন্তি জেলিয়াং নেতাসকলক স্মৰণ কৰিবলৈ আহ্বান জনাই বাণিজ্যিক চহৰ ডিমাপুৰ আৰু ৰাজ্যিক ৰাজধানী কোহিমাৰ নিকটতম বৰ্তমানৰ জালুকীত এখন নগৰাঞ্চল গঢ়ি তোলাৰ পোষকতা কৰে।
প্ৰশাসনিক মুখ্য কাৰ্যালয় উন্নীতকৰণ কৰাৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে বৰ্দ্ধিত জনসংখ্যাৰ প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ মোকাবিলা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।