NORTHEAST NOW (Assamese)

 মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত বনকৰ্মী নিহত

December 17, 2017 12:59 pm · এন ই নাও নিউজ
Updated: December 17, 2017 9:35 pm

কিছু দিনৰ পৰা ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্য সমূহত বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণত বহুতো বনকৰ্মী তথা নিৰীহ লোক মৃত্যু মুখত পৰিছে। ঠিক সেইদৰে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজন কৰ্মৰত বনকৰ্মীৰ ওপৰত এটা গড়েঁ আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত বনকৰ্মীজন থিতাতে নিহত হোৱা বুলি খবৰ লাভ কৰা গৈছে। নিহত বনকৰ্মীজন নলবাৰী জিলাৰ টিহুৰ লংকেশ্বৰ লহকৰ বুলি আমাৰ আগত জানিবলৈ দিয়ে। ঘটনা স্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ বনকৰ্মীজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

মন কৰিবলগীয়া যে বিভিন্ন সময়ত বনৰীয়া জীৱ-জন্তু আৰু মানুহৰ সংঘাতে ভয়াবহ ৰুপ ধাৰন কৰিছে। এই সংঘাতৰ ফলত কৰবাত যদি মানুহ মৰিছে কৰবাত আকৌ বনৰীয়া জীৱ-জন্তুৰ প্ৰাণ বায়ু গৈছে। মানুহৰ ভুলৰ বাবেই অসমত বনৰীয়া জীৱ-জন্তু তথা মানুহৰ ক্ৰমবৰ্ধিত সংঘাতৰ  গুৰুতৰ ৰূপ লৈছে বুলি একাংশ প্ৰকৃতি প্ৰেমীয়ে উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ উপৰি বন বিভাগত কাম কৰা লোকেই যদি বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাসৰ পৰা ৰক্ষা নপৰে তেন্তে সৰ্বসাধাৰণ লোকক কি দৰে সুৰক্ষিত কৰিব সেয়া এতিয়া বহু ডাঙৰ প্ৰশ্ন।

Related News