NORTHEAST NOW (Assamese)

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীক ৩ বছৰৰ কাৰাদণ্ড আদালতৰ

December 24, 2017 7:30 am · এন ই নাও নিউজ

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল কৰিবলৈ বিচৰা ৪৪ জন লোকক  বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে কাৰাদণ্ড বিহিছে। আদালতে তেওঁলোকক তিনি বছৰৰকৈ কাৰাদণ্ড আৰু পঞ্চাশ হেজাৰকৈ জৰিমনা বিহি ৰায় প্ৰদান কৰিছে। আদালতে জৰিমনা অবিহনে অতিৰিক্ত তিনি মাহৰ কাৰাদণ্ডৰ আদেশ দিয়ে।

যোৱা মে’ মাহৰ ১ তাৰিখে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অধীনৰ কাহিতামাৰ বুঢ়ীদাও বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলৰ পৰা কিছুমান লোকে আহি বেদখল কৰিবলৈ চেষ্টা কৰাত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গোৱৰ্দ্ধনা আৰক্ষী চকীৰ আৰক্ষীৰ সহায়ত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰিবলৈ অহা উক্ত লোকসকলৰ বিৰুদ্ধে কৰ্তৃপক্ষই গোৱৰ্দ্ধনা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিল। গোৱৰ্দ্ধনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৪ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলে।

শুকুৰবাৰে বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ৫১ নং বন্যপ্ৰাণী আইন আইন উলংঘা কৰাৰ অপৰাধত উক্ত ৪৪ জন লোকক একেলগে তিনিবছৰ কাৰাদণ্ড আৰু পঞ্চাশ দাজাৰ টকাৰ জৰিমনা বিহে। ৰায়টোত স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছে যে জৰিমনা আদায় অবিহনে অভিযুক্তকেইজনে অতিৰিক্ত তিনিমাহৰ কাৰাবাস খাটিব লাগিব।

ৰাজ্যখনৰ বনাঞ্চলসমূহত বেদখলৰ বিষয়টো অতি উদ্বেগজনক হৈ পৰাৰ সময়তে আদালতৰ এই ৰায়টোৱে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। সম্প্ৰতি বনাঞ্চলসমূহত হোৱা বেদখলৰ ফলস্বৰূপে বন্যপ্ৰাণীসমূহৰ আৱাসস্থল সংকটাপন্ন হৈ পৰিছে যাৰ পৰিণতিত বহুসময়ত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত সৃষ্টি হৈছে।

শেহতীয়াকৈ বিভিন্ন বনাঞ্চলৰ উপকণ্ঠ অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতৰ বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে। তদুপৰি বাঘৰ আক্ৰমণৰো চিকাৰ হৈছে বহু লোক। বনাঞ্চলত বেদখলৰ দৰে মানুহৰ বিবেচনাহীন কাৰ্যৰ ফলতে বন্যপ্ৰাণীসমূহৰ বিচৰণস্থলী সংকুচিত হৈ পৰাত সিহঁত জনবসতি অঞ্চললৈ ওলাই আহিবলগীয়া হৈছে।

আদালতৰ শেহতীয়া এই ৰায়টোৱে বেদখলকাৰীসকলৰ চকু মুকলি কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে।

Related News