মানি লোৱা নাই ভাৰতীয় সংবিধান : ফ্ৰেইমৱৰ্ক চুক্তি সন্দৰ্ভত আৰ এন ৰবিৰ বিপৰীত ভাষ্য এন এছ চি এন (আই এম)ৰ

RN_Ravi

সফল মধ্যস্থতাকাৰী আৰ এন ৰবি। ফাইল ফটো।

বৃহত্তম নাগালিম গঠনৰ দাবী কৰি থকা নাগা বিদ্ৰোহী আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত নাগা ফ্ৰেইমৱৰ্ক চুক্তিখনৰ মূল দফাবোৰ এখন গৃহ দপ্তৰৰ সংসদীয় স্থায়ী কমিটীৰ আগত ৰাজহুৱা কৰাৰ তিনি দিন পিছতে আজি তাৰ বিপৰীত ধৰণৰ কথা প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ।

বিদ্ৰোহী সংগঠনটোৱে কয় যে ৰবিৰ উদ্বৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে সংগঠনটোৱে তেওঁলোকৰ স্থিতি শিথিল কৰি কেতিয়াও চুক্তিত চহী কৰা নাই। তেওঁলোকে কয়, “ভাৰতীয় সংবিধানক মানি লোৱা দূৰৰ কথা, নাগা বসতিপ্ৰধান অঞ্চলবোৰক একত্ৰীকৰণকে ধৰি নাগাসকলৰ ইতিহাস, পৰিচয়, অধিকাৰৰ প্ৰশ্নত তেওঁলোকে পিছ হুঁহকি অহা নাই।”

উল্লেখযোগ্য যে আৰ এন ৰবিয়ে বিদ্ৰোহী সংগঠনটোৱে পূৰ্বৰ ‘ভাৰতৰ সৈতে, ভাৰতৰ ভিতৰত নহয়’ স্থিতিৰ পৰা আঁতৰি আহি চুক্তিত চহী কৰা বুলি জানিবলৈ দিছিল সংসদীয় কমিটীৰ আগত। ভাৰতৰ সংবিধানক মানি লৈ ভাৰতৰ ভিতৰতে বিশেষ মৰ্যাদাৰ ৰাজ্য হৈ থকাৰ বাবে সন্মত হৈছে আৰু চুক্তিবদ্ধ হৈছে।

মন কৰিব লগীয়া যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰক সামৰি এক পৃথক নাগালিম গঠন কৰাৰ বাবে কেইবা দশক জোৰা সশস্ত্ৰ আন্দোলন কৰি আহিছিল এন এছ চি এন নামৰ বিদ্ৰোহী সংগঠনটোৱে। কিন্তু ভাৰত চৰকাৰৰ সৈতে হোৱা কেইবা দশকজোৰা আলোচনাৰ ফলত যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। বিগত প্ৰায় তিনি বছৰ ধৰি চুক্তিখনৰ সবিশেষ ৰাজহুৱা কৰা নাছিল কোনো পক্ষই। ফলত চুবুৰীয়া ৰাজ্যবোৰৰ অংশ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল এই ৰাজ্যকেইখনত।

কিন্তু শেহতীয়াকৈ ১৯ জুলাইত সকলোকে আচৰিত কৰি নতুন দিল্লীত হঠাতে মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে এখন সংসদীয় কমিটীৰ সন্মুখত ওপৰত কোৱাৰ দৰে ৰাজহুৱা কৰিছিল চুক্তিখনৰ মূল কথাবোৰ।

তাৰ তিনি দিন পিছতে নাগা বিদ্ৰোহী গোটটোৱে এইদৰে ৰবিৰ কথাক সম্পূৰ্ণ ভিত্তিহীন বুলি কোৱাটোৱে তাৎপৰ্য্য বহন কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

এন এছ চি এন (আই এম)-এ সংবাদ মাধ্যমৰ বাতৰিটো সন্দৰ্ভত আৰ এন ৰবিক ইংগিত কৰি কয়, “ব্যক্তিগত স্বাৰ্থত চুক্তিখনক কোনেও বিকৃত কৰিব নালাগে।”

তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰস্তাৱিত বৃহত্তৰ নাগালিমত নাগা বসতি থকা অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভূখণ্ড এই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি বাতৰি প্ৰকাশ হৈছিল। ফলত নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠা আছিল। ১৯ জুলাইৰ আৰ এন ৰবিৰ স্পষ্টীকৰণত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠন বহু পৰিমাণে আশ্বস্ত হৈছিল যদিও এন এছ চি এন (আই এম)-অৰ বিপৰীত ভাষ্যই পুনৰ বিভ্ৰান্তিলৈ ঠেলি দিছে।