মাৰপিটৰ ঘটনাত জড়িত হ’ল কবি, জীৱন আলোচনীৰ সম্পাদক সুৰেশ ৰঞ্জন গডুকা; গোচৰ ৰুজু

সুৰেশ ৰঞ্জন গডুকা

আজি আবেলি যোৰহাট জিলাৰ টীয়কৰ এখন ৰেষ্টোৰাঁৰত এক মাৰপিটৰ ঘটনাত লিপ্ত হয় জীৱন নামৰ অসমীয়া আলোচনীখনৰ সম্পাদক তথা জীৱন কাইট আৰু ৰিভাৰ ফেষ্টিভেলৰ আয়োজক সুৰেশ ৰঞ্জন গডুকা।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, টীয়কৰ ফুডভিলা নামৰ এখন ৰেষ্টোৰাঁৰ এগৰাকী ৱেইটাৰক প্ৰহাৰ কৰা আৰু ৰেষ্টোৰাঁখনৰ মালিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত সাংবাদিক তথা কবি সুৰেশ গডুকাৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰাই নৰ্থ ইষ্ট নাও ক জানিবলৈ দিয়া মতে, অৰ্ডাৰ দিয়া নিৰামিষ খাদ্যৰ পৰিৱৰ্তে আমিষ খাদ্য পৰিবেশন কৰাৰ বাবে গডুকাই ৱেইটাৰজনক প্ৰহাৰ কৰে।

ইয়াৰোপৰি গডুকায়ে বিষয়টো মীমাংসা কৰিবলৈ চেষ্টা কৰা ৰেষ্টোৰাঁখনৰ মালিকজনকো গঁতা মাৰে।

গুৱাহাটীৰ পৰা সোণাৰিলৈ গৈ থকা অৱস্থাত গডুকায়ে আহাৰ গ্ৰহণৰ বাবে ৰেষ্টোৰাঁখনত সোমাইছিল বুলি আৰক্ষী বিষয়া সত্যজিত বৰাই লগতে জানিবলৈ দিছে। অৱশ্যে এতিয়ালৈকে গডুকাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ঘটনাটো সন্দৰ্ভত অনুসন্ধান কৰি থকা হৈছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিছে।

আনহাতে উক্ত ঘটনাৰ প্ৰতিবাদত তথা সুৰেশ গডুকাৰ গ্ৰেপ্তাৰৰ দাবীত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে কিছু সময়ৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছিল।