NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ বিলাতী সুৰা, তিনিজনক আটক

July 13, 2018 6:46 pm · মানস প্ৰতিম গগৈ
প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত চলি থকা অবৈধ চুলাই মদ, বিলাতী সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আবকাৰী বিভাগে আজি পুনৰ এক অভিযান চলায়।

উল্লেখযোগ্য যে আজিৰ এই অভিযান কালত মাৰ্ঘেৰিটা আবকাৰী বিভাগে তিনিজনকৈ অবৈধ সুৰা ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকে গোপন স্থানত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাও জব্দ কৰিবলৈ সক্ষম হয়।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত চলি থকা মদৰ অবৈধ বেহাই সামাজিক বাতাবৰণ বিনষ্ট কৰা বুলি স্থানীয় ৰাইজে পূৰ্বৰে পৰা অভিযোগ উত্থাপন কৰি আহিছিল।

আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে আবকাৰী বিভাগে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো লাইন হোটেল, ধাবা, পান দোকান আদিত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে বিশেষকৈ পাৱৈ ৰে’ল গেটৰ ওচৰত থকা লাইন হোটেল সমূহত তালাচী চলাই অবৈধ ভাবে মজুত কৰি ৰখা বিলাতী মদৰ লগতে মনিষ পাল(৩২), কানাই প্ৰসাদ(৬০) আৰু কিষান দেউ গড়(২৫) নামৰ সুৰা ব্যৱসায়ী কেইজনক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ইফালে ডিগবৈ ১ নং গোলাইত থকা পালেংবাৰী ধাবা, গোলাবাৰী ধাবা, স্প্লীটভিল্লা ধাবা, পাৰ্কইন ধাবাত অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

Related News