মাৰ্ঘেৰিটাত প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি মালবাহী আৰু যাত্ৰীবাহী গাড়ীৰ দৌৰাত্ম্য

overr-loaded-truck-assam

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলা পৰিবহন বিভাগৰ সন্মুখতেই মাৰ্ঘেৰিটাত প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি শ শ বেআইনী ভাৱে চলাচল কৰা বাহনে অব্যাহত ৰাখিছে নিজৰ নিজৰ ব্যৱসায়। এই গাড়ী সমূহৰ দৌৰাত্ম্যত সম্প্ৰতি পথচাৰীৰ বাবে বিপদ সংকুল হৈ পৰিছে মাৰ্ঘেৰিটাৰ বাট-পথ।

সম্প্ৰতি মাৰ্ঘেৰিটাত ৰাজ্যৰ পৰিবহন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজহ ফাঁ‌কি দিয়াৰ অঘোষিত প্ৰতিযোগিতাতহে যেন নামি পৰিছে অতিৰিক্ত বোজাই কঢ়িওৱা বাহনসমূহে।

কয়লা, চাহপাত আদি সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহে অতিৰিক্ত বোজা কঢ়িয়াই প্ৰতিদিনে মাৰ্ঘেৰিটাৰ পৰা চলাচল কৰি থকা বিষয়টোৱে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ লগতে জিলা পৰিবহন বিভাগৰ প্ৰতিও সন্দেহৰ টোঁৱাইছে।

একাংশ ঘোচখোৰ পৰিবহন বিষয়াৰ ছত্ৰছায়াতে মাৰ্ঘেৰিটাৰ বহু কেইখন চাহ বাগিচাই তেওঁলোকৰ ট্ৰেক্টৰ, ট্ৰেইলৰ আদিৰ কোনো ধৰণৰ কাগজপত্ৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰে মাল-বস্তু কঢ়িওৱাৰ লগতে নিজৰ নিজৰ বাগিচাৰ শ্ৰমিকসকলক বিভিন্ন কামত খোলা গাড়ীৰে কঢ়িয়াই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।

এতিয়া মানুহৰ জীৱনক লৈয়ো হেতালি খেলিবলৈ আৰম্ভ কৰিছে দীৰ্ঘদিনে কৰ ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় চলাই অহা একাংশ মেজিক, বিক্ৰম, অট’ আদি যাত্ৰীবাহী বাহনৰ চালকে।

জানিব পৰামতে, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা তিনিচকীয়া বাহনত যাতে অতিৰিক্ত যাত্ৰী বহিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও দিন বাগৰাৰ লগে লগে এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উঠিছে।

অতি দুৰ্ভাগ্যজনক ভাবে চৰকাৰী আইন ভংগত পাকৈত একাংশ উদণ্ড চালকে অত্যাধিক যাত্ৰী কঢ়িয়াই লৈ তীব্ৰ বেগত গৈ নিয়ন্ত্ৰণ হেৰুৱাই ইতিপূৰ্বে কেইবাবাৰো বহু কেইটা দুৰ্ঘটনা ঘটোৱাৰ নজিৰ আছে।

আনহাতে সন্ধিয়াৰ সময়ত মাৰ্ঘেৰিটাত কেঁচা চাহপাত পৰিবাহী মেক্স, মেজিক, ডিআই জাতীয় গাড়ীৰ দৌৰাত্ম্যত দীৰ্ঘ দিনৰ পৰা দুৰ্ভোগ ভুগি আহিছে পথচাৰীসকলে। তাতোতকৈ দুৰ্ভাগ্যজনক কথা যে, মাল পৰিবাহী একাংশ মেক্স নাইবা মেজিক জাতীয় গাড়ীত অত্যাধিক শ্ৰমিক অনা-নিয়া কৰি একাংশ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় চলাই আহিছে।

ইপিনে ৰহস্যজনক ভাবে তিনিচুকীয়া জিলাৰ যান-বাহন আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ আইন বলৱৎকাৰী (এনফৰ্চমেণ্ট) শাখাটোৰ কেইজনমান বিষয়াই মাজে সময়ে মাৰ্ঘেৰিটাত একাংশ গাড়ীত তালাচী চলায় যদিও উক্ত বিভাগটোৱে নথিপত্ৰ বিহীন গাড়ীৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দেখা নাযায়। তেনে বিষয়াই মাৰ্ঘেৰিটাত আহি গাড়ীৰ কাগজ-পত্ৰ পৰীক্ষা কৰাৰ নামত নাটকৰহে সৃষ্টি কৰে বুলি প্ৰতক্ষ্যদৰ্শী ৰাইজে অভিযোগ কৰে।

অন্যহাতে মাৰ্ঘেৰিটা নগৰৰ পৰা জাগুন, লিডু, বৰগোলাই, মাকুমকিল্লা, পাৱৈ আদি স্থানলৈ প্ৰায় তিনিশৰো অধিক মেজিক, বিক্ৰম, অট’ আদিৰ লগতে পঞ্চাছৰো অধিক ই-ৰিক্সা চলে যদিও প্ৰয়োজন অনুপাতে মাৰ্ঘেৰিটা নগৰ সমিতিয়ে পাৰ্কিঙৰ বিশেষ সুবিধা কৰি নিদিয়াত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাৰ্কিং কৰাৰ হেতুকে সৃষ্টি হয় ব্যাপক যানজঁটৰ।

মাৰ্ঘেৰিটাত ৰাষ্টীয় ঘাইপথৰ কাষতেই অথালি-পথালি কৈ ৰখাই থোৱা বাহনসমূহৰ বাবে যি কোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনাও নথকা নহয়। এতিয়া প্ৰশ্ন হয়, বৃহৎ কঁ‌ৰ ফাঁকিৰে চলা এই সমূহ যান-বাহনৰ নথি পৰীক্ষণৰ বাবে আৰক্ষী প্ৰশাসন নাইবা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কিবা ব্যৱস্থা লবনে? যাৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে হেৰুৱাব লগীয়া হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী ৰাজহ।