মাৰ্ঘেৰিটাৰ জাগুনঘাটত আজিও নহ’ল পকী দলং; বিজেপিয়ে অনা ‘পৰিৱৰ্তন’ত বিতুষ্ট ৰাইজ

Jagun

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন ঘাট আৰু ফানেং অঞ্চলত পকী দলং নথকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ১০-১৫খনকৈ গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগা হোৱাৰ পিছতো এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

নিৰ্বাচনৰ প্ৰচাৰত সমষ্টিটোৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মায়ো ৰাজ্যজুৰি বিজেপিয়ে দিয়াৰ দৰে অঞ্চলবাসীক দিছিল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি। কিন্তু নিৰ্বাচনত জিকাৰ পিছত বহু আবেদন, স্মাৰক পত্ৰৰ পিছতো বিধায়কজনৰ কোনো সাৰ-সুৰ নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে।

আনহাতে বাৰিষা অহাৰ লগে-লগে প্ৰতিবাৰৰ দৰে এইবাৰো শংকিত হৈ পৰিছে জাগুনৰ ওচৰ-পাজৰৰ লোকসকল৷ ৰাইজ মিলি দলং কেইখন বাঁহ-কাঠেৰে নিৰ্মাণ কৰি লয় যদিও বাৰিষাৰ সময়ত পানীৰ ঢলে উটুৱাই লৈ যায়৷ ফলত বাৰিষাৰ সময়ত নাৱেৰে ঘাট পাৰ হ’ব লগা হয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

আনকি বাৰিষাৰ সময়ছোৱাত যাতায়াতৰ অসুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল সময়মতে শ্ৰেণীত উপস্থিত হ’বগৈ নোৱাৰাৰ দৰে ঘটনাও দৈনন্দিন ঘটে।

বৃহতৰ মাৰ্ঘেৰিটা সমষ্টিৰ ফানেং, ৰামনগৰ, চন্দ্ৰপুৰকে ধৰি ১০-১৫ খনকৈ গাঁৱৰ মানুহে জাগুন ঘাটৰ কাঠৰ দলং আৰু ফানেঙৰ বাঁহৰ দলঙকে যাতায়াতৰ বাবে ব্যৱ্হাৰ কৰি আহিছে। এই দলং কেইখনেদিয়েই ঘাটৰ দুয়োপাৰৰ মানুহে ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ তথা নিত্য-নৈমিত্তিক কৰ্মক্ষেত্ৰলৈ অহা-যোৱা কৰে।

ফলত ৰাইজক পৰিৱৰ্তনৰ আশ্বাস ‘জাতি-মাটি-ভেটি’ সুৰক্ষাৰ শ্ল’গানেৰে ক্ষমতা দখল কৰা চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে জনসাধাৰণৰ৷