মাৰ্ঘেৰিটাৰ বিভিন্ন সমস্যা সমাধানৰ দাবী অঃ জাঃ যুঃ ছাঃ পঃৰ মাৰ্ঘেৰিটা আঞ্চিলক সমিতিৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক প্ৰেছ বাৰ্তা যোগে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন  সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপন কৰিছে।

উল্লেখযোগ্য যে সংগঠনটোৱে প্ৰেছ বিবৃতি যোগে মাৰ্ঘেৰিটা সমষ্টিৰ বান গৰাখহনীয়া সমস্যা সমাধান, মাৰ্ঘেৰিটা লিডু সংযোগী অতি জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ, বিকল পানী যোগান আঁচনি সক্ৰিয় কৰণ, লিডু আই টি আই মুকলি, সমষ্টিটোত দিনে দিনে বৃদ্ধি পোৱা ড্ৰাগছ কানি ব্যৱসায় বন্ধৰ দাবী উত্থাপন কৰিছে।

লগতে অনতিপলমে এই দাবী সমূহ সমাধান নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সলিল নেওগে।

উল্লেখযোগ্য যে পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাৰ লগতে স্থানীয় গুৰুত্বপূৰ্ণ সমস্যা সমূহৰ প্ৰতি পিঠি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসনৰ জ্বালা যন্ত্ৰনাক অসমৰ জনসাধাৰণে ওফৰাই বিজেপিক শাসনভাৰ দিছিল যদিও দায়িত্বভাৰ গ্ৰহণ কৰা দুবছৰে সমষ্টিৰ উন্নয়নৰ ধাৰা শামুকিয়া গতিত আগবাঢ়িছে বুলি অভিযোগ উত্থাপন হোৱাত সচেতন মহলো ক্ষুব্ধ হৈ পৰিছে৷

অনাগত দিনত মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ দাবীত জনসাধাৰণে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া পৰিবেশ যাতে সৃষ্টি নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতি আহ্বান জনাইছে যুৱ-ছাত্ৰ পৰিষদে৷

আনহাতে বিধায়ক ভাস্কৰ শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলীয়ে মাৰ্ঘেৰিটা সমষ্টিৰ সমস্যা সমূহকলৈ সংসদৰ মজিয়াত মাত নমতাৰো অভিযোগ উত্থাপন হৈছে।