• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত হাল বাই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি আৰু স্থানীয় ৰাইজে

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 17, 2018 6:55 pm
CMSS

বিধ্বস্ত পথ মেৰামতি নকৰাৰ প্ৰতিবাদত পথৰ ওপৰতে হাল বাই আৰু মাছ ধৰি প্ৰতিবাদ ছাত্ৰ মুক্তি।

169
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা অঞ্চলৰ ব্লক তিনি আলিৰ মাজভাগতে ৩৮ নং ৰাষ্ট্ৰীয় পথটোৰ জৰাজীৰ্ণ অৱস্থা সত্ত্বেও প্ৰশাসনৰ নিস্পৃহতাৰ প্ৰতিবাদ তথা কটাক্ষ কৰি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটাৰ স্থানীয় লোকক লৈ ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে প্ৰতিবাদকাৰীসকলে পথত হাল বায় আৰু মাছ ধৰি দেখুৱায়।

‘মাৰ্ঘেৰিটা অঞ্চলত পথৰ অৱস্থা অতি শোচনীয়। যোৱা কিছুমাহ ধৰি ব্লক তিনি আলিৰ ওচৰত ৩৮ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈ মানুহক অত্যন্ত অসুবিধা দি আহিছে। পথৰ এই অৱস্থাৰ বাবেই কেইবাটাও দুৰ্ঘটনা হৈছে। তৎসত্ত্বেও প্ৰশাসনৰ কোনো কাণসাৰ নাই। গতিকে আমি পথৰ এই অৱস্থাৰ প্ৰতি প্ৰশাসনৰ নীৰৱতাৰ এইদৰে প্ৰতিবাদ কৰিছো।’ প্ৰতিবাদকাৰী স্থানীয় লোকসকলে কয়।

উল্লেখযোগ্য যে এই ৩৮ নং ৰাষ্ট্ৰীয় পথটোৱে অসমৰ সৈতে অৰুণাচল প্ৰদেশক সংযোগ কৰিছে আৰু দুয়োখন প্ৰদেশৰ অসংখ্য যান-বাহন এই শোচনীয় পথৰ ওপৰেৰেই চলি আছে।

‘বিজেপিয়ে মানুহৰ অভাৱ-অভিযোগসমূহৰ কোনো সমাধান দিব পৰা নাই। চৰকাৰখনে উন্নতমানৰ পথ-দলঙৰ কথা কৈছিল। কিন্তু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰে বাৰে কোৱা সত্ত্বেও পথটোৰ কোনো ব্যৱস্থা কৰা নহ’ল।’ এইদৰে কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে। তেওঁ কয় যে তেওঁলোকে তিনিচুকীয়া জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰও প্ৰদান কৰিছে। যদি সোনকালেই পথটোৰ মেৰামতি কৰা নহয়, তেন্তে তেওঁলোকে অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলিও ছাত্ৰ নেতাজনে জানিবলৈ দিয়ে।

 

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd