মাৰ পীপ’লছ কনভেনশ্বন(ডি)ৰ লগত আলোচনাৰ দিন নিৰ্ধাৰণ কৰিব মিজোৰাম চৰকাৰে

মাৰ পীপ'লছ কনভেনশ্বন(ডি)

মিজোৰাম চৰকাৰ আৰু এইচ্ছ জোচাংবেৰা নেতৃত্বাধীন মাৰ পীপ’লছ কনভেনশ্বন(ডেম’ক্ৰেতিক)ৰ মাজৰ শান্তি আলোচনা এই মাহত পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানায়ে জানিবলৈ দিয়া মতে চলিত শান্তি প্ৰক্ৰিয়াৰ বিষয়ত আলোচনা কৰাৰ লগতে পৰৱৰ্তীলানি আলোচনাৰ তাৰিখ নিৰ্ধাৰণৰ বাবে সোমবাৰে বিভিন্ন বিভাগৰ মন্ত্ৰী, গৃহ দপ্তৰ আৰু অান সংশ্লিষ্ট বিভাগৰ বিষয়াসকল এক বৈঠকত মিলিত হ’ব।

পৰৱৰ্তীলানি শান্তি আলোচনা ৰাজনৈতিক পৰ্যায়ৰ আলোচনা হ’ব বুলি তেওঁ কয়।

গোটটোৰ লগত আলোচনা চলাই যোৱাৰ দায়িত্ব মুখ্য মন্ত্ৰী লাল থানহাওলাৰ ওপৰত ন্যস্ত আছে বুলি তেওঁ লগতে কয়।

উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া মাৰ ৰাজনৈতিক সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ উদ্দেশ্যে মিজোৰাম চৰকাৰ আৰু জোচাংবেৰা নেতৃত্বাধীন মাৰ পীপ’লছ কনভেনশ্বন(ডেম’ক্ৰেটিক)ৰ মাজত ২০১৬ চনৰ আগষ্টৰ পৰাই শান্তি আলোচনা চলি আহিছে।

আইজলত যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত সম্পন্ন শেষৰটো আনুষ্ঠানিক আলোচনা ইতিবাচকভাৱে অন্ত পৰিছিল। ছিনলুং হিলছ কাউনচিলৰ স্বায়ত্ত শাসনৰ বিষয়টোৱে আগৰ আলোচনা সমূহত স্থান পাইছিল।

যোৱাবাৰৰ আলোচনাত দুয়োটা পক্ষই মীমাংসাত উপনীত হোৱাৰ আৰু ছিনলুং হিলছ কাউনচিল বিধেয়কৰ খচৰাৰ ক্ষেত্ৰত সহমতত উপনিত হৈছিল।