NORTHEAST NOW (Assamese)

মিঃ মৰাণ খিতাপ দখল সিদ্ধাৰ্থ ৰায়ৰ

December 3, 2017 4:02 pm · এন ই নাও নিউজ ব্যুৰো, মৰান:
Updated: December 3, 2017 4:05 pm

 টাই আহোম যুৱ পৰিষদ,অসম মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমুহ মৰাণবাসী ৰাইজৰ সহযোগত বৰ্ণ্যঢ্য কাৰ্য্যসূচীৰে চুকাফা দিৱসটিৰ আয়োজন কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আলফাৰ মামা হিচাপে পৰিচিত প্ৰয়াত ভীমকান্ত বুঢ়াগোহাইৰ সোঁৱৰণত প্ৰত্যেক বছৰৰ দৰে এইবছৰো আয়োজন কৰে মিঃ মৰাণ শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতা। বহুকেইগৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  দৰ্শকক আপ্লুত কৰে। এই প্ৰতিযোগিতাখনিত ‘মিঃ মৰাণ’ খিতাপ দখল কৰিবলৈ সক্ষম হয় খোৱাঙৰ সিদ্ধাৰ্থ ৰায়ে।

আয়োজক কমিটীৰ সভাপতি ভাস্কৰ জ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত এই বঁটা প্ৰদান কৰা হয়আনহাতে এই মুকলি সভাতে মৰাণৰ এভাৰেষ্ট বিজয়ী নৱ ফুকন আৰু ২০১৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰাত্তোলন প্ৰতিযোগিতাত স্বৰ্ণ বিজয়ী অৰণ্যানী গগৈকো সম্বৰ্দ্ধনা জনোৱা হয়।

Related News