ধেমাজিৰ কংগ্ৰেছ নেতা হিৰণ্য দলেৰ হত্যাকাণ্ডত জড়িত বুলি স্বীকাৰ ৰোহন পাতিৰৰ

ধেমাজিৰ কংগ্ৰেছ নেতা হিৰণ্য দলেৰ হত্যাকাণ্ডত জড়িত বুলি স্বীকাৰ কৰিছে নিজকে মিচিং লিবাৰেল ডেম’ক্ৰেটিক কাউল্সিল অব্‌ মিচিং লেণ্ড (LDCML) নামৰ অল্পখ্যাত তথা নতুনকৈ গঠিত এটা উগ্ৰপন্থী সংগঠনৰ মুখ্য সেনাধ্যক্ষ বুলি দাবী কৰা ৰোহন পাতিৰে। যোৱা ৩ ডিচেম্বৰত আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা পাতিৰক কালি ধেমাজি আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল। ধেমাজি আৰক্ষীৰ জেৰাত উগ্ৰপন্থী সংগঠনটোৰ নেতাজনে হত্যাকাণ্ডটোত নিজে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে।

আনহাতে পাতিৰৰ বিৰুদ্ধে ইতিপূৰ্বেও ধন দাবী আৰু কূটাঘাতমূলক কাৰ্য্যৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰাৰ অধীনত গোগামুখ আৰক্ষী থানাত ১০৪/২০১৭ নম্বৰৰ এটা গোচৰ ৰুজু হৈ আছিল।

উল্লেখযোগ্য যে যোৱা বছৰৰ জুন মাহত ধেমাজিৰ শক্তিশালী কংগ্ৰেছ নেতা হিৰণ্য দলেক অজ্ঞাত আততায়ীয়ে ঘৰতে গুলীয়াই হত্যা কৰিছিল। আৰক্ষীয়ে হত্যাকাণ্ডত LDCML নামৰ উপৰোক্ত সংগঠনটো জড়িত থকাৰ সন্দেহ কৰিছিল। কালি অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা পাতিৰক নিজৰ জিম্মাত লোৱা ধেমাজি আৰক্ষীয়ে জেৰা কৰোতে পাতিৰে হত্যাকাণ্ডটোত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত ধেমাজি আৰক্ষীয়ে যোৱা বছৰৰ জুলাই মাহতে অমিতাভ পাতিৰ, কংকন মৰান, আৰু বাণী কুমাৰ কুমুং নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল আৰু এই আটাইকেইজনকে আৰক্ষীয়ে  LDCML নামৰ উপৰোক্ত সংগঠনটোৰ সদস্য হিচাপে চিনাক্ত কৰিছিল। এতিয়া ৰোহন পাতিৰৰ গ্ৰেপ্তাৰে হত্যাকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীক অধিক তথ্য লাভ কৰাত সহায় কৰিব বুলি দাবী কৰিছে আৰক্ষীৰ সূত্ৰটোৱে। অধিক তথ্যৰ বাবে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকে পাতিৰক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।