মিজোৰামত থিতাপি লোৱা অবৈধ চাকমাৰ বিৰুদ্ধে মিজো ছাত্ৰ সংগঠনৰ এজাহাৰ

Members of Mizo Zirlai Pawl filing FIR against illegal Chakma settlement in Kolasib district of Mizoram

মিজোৰামৰ কলাচীব জিলাত অবৈধভাৱে থিতাপি লোৱা চাকমা লোক সকলৰ বিৰুদ্ধে মিজোৰামৰ ‘দা মিজো জিৰলাই পল’ নামৰ ছাত্ৰ সংগঠনটোৱে বুধবাৰে কাউনপুই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

সংগঠনটোৱে অভিযোগ কৰে যে মিজোৰামৰ লাউং নৈ কাষৰীয়া ৰাঙাকাই অঞ্চলত ৬ টা অবৈধ চাকমা পৰিয়ালে বসতি স্থাপন কৰিছে। উক্ত পৰিয়ালকেইটা হৰটকী গাঁও পৰিষদৰ কৰ্তৃপক্ষই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ কোৱা পিছতো তেওঁলোকে তাৰ পৰা আঁতৰি অহা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে।

পৰিয়ালকেইটাৰ কৱলৰ পৰা গাওঁ পৰিষদৰ কৰ্তৃপক্ষই কেইবাটাও দেশীয় ৰাইফল জব্দ কৰে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে।

হৰতকী গাঁও পৰিষদৰ কোষাধ্যক্ষ ৰেমলালিয়ানাই কয় যে অঞ্চলটোত শিশুকে ধৰি ২৫ জন লোকে বাস কৰি আছে।

তেওঁ কয়, ‘তেওঁলোকে অসমৰ কাছাৰ জিলাৰ পৰা অহা বুলি দাবী কৰিছে যদিও তেওঁলোকৰ ওচৰত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো ধৰণৰ নথি-পত্ৰ নাই।’

হৰতকী গাঁও পৰিষদৰ বিষয়া সকলে মামিত জিলাৰ দাঁতি কাষৰীয়া অঞ্চলটো অবৈধ চাকমা লোকে বসতি লৈছেহি বুলি সদৰী কৰে। অৱশ্যে উক্ত অঞ্চলসমূহ পৰিষদৰ এলেকাৰ ভিতৰত নপৰে বাবে তেওঁলোকে তাত কোনো ধৰণৰ হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে প্ৰায় ৮০ হাজাৰ লোকেৰে চাকমা সকল মিজোৰামৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী। ২০০১ চনত লোকপিয়ল অনুসৰি তেওঁলোকৰ মুঠ জনসংখ্যা ৭১,২৮৩।

ৰাজ্যখনলৈ তেওঁলোক দক্ষিণৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰৱেশ কৰি আহিছে বুলি বিভিন্ন সংগঠনে অভিযোগ কৰি আহিছে।