মিজোৰামৰ প্ৰাক্তন বিধায়কৰ পুত্ৰৰ পৰা জব্দ বৃহৎ পৰিমানৰ সোণ

Representative Image

মিজোৰামৰ প্ৰাক্তন বিধায়কৰ পুত্ৰৰ পৰা বৃহৎ পৰিমানৰ সোণ জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজহ বিভাগে। জব্দ কৰা সোণখিনিৰ ওজন প্ৰায় ৬ কিলোগ্ৰাম হ’ব আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ২ কোটিতকৈও অধিক হ’ব বুলি জনাইছে।

উল্লেখ্য যে লালহামাঙগাইহা (২৪) নামৰ লোকজনৰ পৰা এই বৃহৎ পৰিমানৰ সোণখিনি জব্দ কৰিছে। লালহামাঙগাইহা প্ৰাক্তন বিধায়কৰ পুত্ৰ আৰু সম্প্ৰতি আইজলৰ টুৰিয়ালৰ নিবাসী বুলি জানিবলৈ দিছে।

ৰাজহ বিভাগে জনোৱা অনুসৰি লালহামাঙগাইহা কলেজ ড্ৰপ আউট হোৱাৰ পিছত তেওঁ নিজাববীয়াকৈ উত্তৰ কলকাতাত ঘৰ ভাড়ালৈ থাকিব লৈছিল।

কলকাতা মাণ্ডলিক ৰাজহ বিভাগৰ এটা দলে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অনুসন্ধান চলায় কলকাতাৰ বুৰাবাজাৰৰ পৰা শণিবাৰে লালহামাঙগাইহাক আটক কৰে। পিছত তালাচী চলোৱাত আটকাধীন লালহামাঙগাইহাৰ পৰা ৪০ টুকুৰা সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

কেন্দ্ৰীয় সংস্থা এটাই প্ৰকাশ কৰা অনুসৰি এই সোণৰ বিস্কুট কেইখনৰ ওজন হ’ল ৬.৬৪ কিলোগ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় ২.১৬ কোটি টকাৰো অধিক।

উল্লেখণীয় যে বৰ্তমান লালহামাঙগাইহাক কাষ্টমছ এক্টৰ অধীনত জেৰা অব্যাহত ৰাখিছে।

ৰাজহ বিভাগে সংবাদ মাধ্যমক জনাইছে যে এই বৃহৎ পৰিমাণৰ সোণখিনি ম্যানমাৰৰ পৰা উত্তৰ-পূবৰ মাজেৰে অবৈধভাবে কলকাতালৈ সৰবৰাহ কৰি আনিছে।

‘প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে আটকাধীন লোকজনে ইয়াৰ পূৰ্বেও এনেধৰণৰ অবৈধ কাম সম্পন্ন কৰিছিল। লালহামাঙগাইহাই কেৱল টকা উপাৰ্জন কৰাৰ বাবেই এনে ধৰণৰ কাম সংঘটিত কৰা বুলি তদন্তত স্বীকাৰ কৰিছে’।