NORTHEAST NOW (Assamese)

ৰাজ্যপাল নিৰ্ভয় শৰ্মাক বিদায় সম্বৰ্ধনা মিজোৰাম চৰকাৰৰ

May 29, 2018 1:22 pm · এন ই নাও নিউজ

মিজোৰামৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) নিৰ্ভয় শৰ্মাক সোমবাৰে চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়।

বিগত ২০১৫ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্ব বহন কৰা শৰ্মাৰ কাৰ্যকালৰ অন্ত পৰিছিল সোমবাৰে।এই উপলক্ষে আইজলৰ ৰাজভৱনত অনুষ্ঠিত এটি সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰী লালথানহাওলা, তেওঁৰ কেবিনেট সতীৰ্থ, শীৰ্ষ বিষয়া আদিকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত আছিল।

বিদায় সম্বৰ্ধনা অনুষ্ঠানটোত আৱেগিক হৈ পৰা শৰ্মাই মিজোৰামবাসীক উচ্চ প্ৰশংসা কৰাৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ পাই যথেষ্ট সুখী বুলি প্ৰকাশ কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰ্ভয় শৰ্মা হৈছে ৰাজ্যখনৰ ২২ সংখ্যক ৰাজ্যপাল।

উল্লেখযোগ্য যে কেৰালা বিজেপিৰ সভাপতি কে ৰাজশেখৰণক ইতিমধ্যে পাহাৰীয়া ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি আজি মিজোৰামৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব ৰাজশেখৰণে।

প্ৰায় ৭০ৰ দশকৰ পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত হৈ পৰা কে ৰাজশেখৰণ সংঘৰ এগৰাকী একনিষ্ট কৰ্মী হিচাপে পৰিচিত।২০১৫ চনৰ ১৮ ডিচেম্বৰৰ পৰা কেৰালা বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি থকা ৰাজশেখৰণক নিৰ্বাচনৰ পূৰ্বে মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ।

 

Related News