মুকলি ষ্টেডিয়ামত ক্ৰীড়া-ভিন্ন আন কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়ে ডিব্রুগড় ক্ৰীড়া সংস্থাই

Dibrugarh-outdoor-stadium-570x320

ডিব্ৰুগড়ৰ মুকলি ষ্টেডিয়াম

ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা (ডিডিএছএ) ই আজি স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা মুকলি ষ্টেডিয়ামখন আন কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

সাংবাদিকৰ আগত ডিডিএছএৰ অবৈতনিক সম্পাদক মনীন্দ্ৰ নাথ শইকীয়াই কয় যে তেওঁলোকে আন কাৰ্যকলাপৰ বাবে মুকলি খেলপথাৰখনত অনুমতি দিব নোৱাৰে।

‘’এই বছৰ নৱৰূপা সংঘই তেওঁলোকৰ ৰঙালী বিহুৰ সোণালী জয়ন্তী উৎসৱ মুকলি ষ্টডিয়ামত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আমি তেওঁলোকক স্পষ্টকৈ কৈ দিছো যে আমি সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰিবলৈ ষ্টেডিয়ামখনত অনুমতি দিব নোৱাৰো কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ড (বিচিচিআই)আৰু অসম ক্ৰিকেট সন্থা (এচিএ)ৰ পৰা কিছু বাধা-নিষেধ আছে,’’-শইকীয়াই কয়।

ক্ৰীড়া সংস্থাই বিহু সমিতিক অনুমতি নিদিয়াৰ পিছত বিতৰ্কৰ সূত্ৰপাত হৈছিল যে ডিডিএছএই খেলপথাৰখনত বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়ে।

ক্ৰীড়া সংস্থাটোৱে স্পষ্ট কৰি কৈছে যে তেওঁলোকৰ খেলপথাৰখনত অন্য কাম কাজৰ অনুমতি দিব নোৱাৰে কিয়নো খেলপথাৰখনৰ কাৰণে ই ভাল নহয়।

‘’ খেলপথাৰখনত যদি অন্য অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেতিয়া খেলপথাৰখন নষ্ট হ’ব পাৰে। সেয়েহে, বিষয়টো সম্পৰ্কত আমি অতি কঠোৰ হৈছো। ষ্টেডিয়ামখন ক্ৰীড়া কাৰ্য-কলাপৰ বাবেহে প্ৰস্তুত কৰা হৈছে আৰু আমাৰ ভূমিকাটো হৈছে ষ্টেডিয়ামখনত আন কাৰ্যকলাপ সংঘটিত হোৱাৰ পৰা বচাই ৰখা,’’-সংস্থাটোৱে এইদৰে মত প্ৰকাশ কৰে।

ডিডিএছএৰ সভাপতি জামছেদ আহমেদ খানে কয়, ‘’ তেওঁলোক বিহু সন্মিলনৰ বিৰোধী নহয় কিন্তু তেওঁলোকে তেওঁলোকৰ খেলপথাৰখন আন কামত ব্যৱহাৰ কৰাৰ অনুমতি দিব নোৱাৰে। আমি বিচিচিআই আৰু এচিএৰ নিৰ্দিষ্ট নিয়ম-নীতিসমূহ মানি চলিব লাগিব কিয়নো বিচিচিআইৰ প্ৰতিযোগিতা ষ্টেডিয়ামখনত অনুষ্ঠিত হয় আৰু পৰিদৰ্শনৰ সময়ত পীট্ছ কিউৰেটৰে যদি কোনো সুৰুঙা বিচাৰি পায় তেতিয়াহ’লে তৎক্ষণাৎ ষ্টেডিয়ামখনত খেল অনুষ্ঠিত কৰাটো নাকচ কৰি দিব।‘’

এই মুকলি ষ্টেডিয়ামখনত বিগত দিনত সফলতাৰে সাতখন ৰঞ্জী ট্ৰফীৰ খেল অনুষ্ঠিত হৈ গৈছে কিন্তু সা-সুবিধা তথা আন্ত:গাঁথনিৰ দুৰাৱস্থাৰ কাৰণে খেল অনুষ্ঠিত কৰাৰ অনুমতি পোৱা নাযায়।

২০১৬ ত ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন পুঁজিৰ অধীনত ষ্টেডিয়ামখনৰ বাবে মেৰামতি তথা উন্নীতকৰণৰ বাবে প্ৰথম পৰ্যায়ত ৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল।