মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক সোণাপুৰৰ দিচাং ৰিজ’ৰ্টৰ পৰা গ্ৰেপ্তাৰ

rishabh himmatshinka md mukesh hyundai

ৰিচভ হিম্মৎসিংকা। উৎস : ফে’ছবুক।।

কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আজি গ্ৰেপ্তাৰ কৰিবলৈ দিচপুৰ আৰক্ষী সক্ষম হৈছে। গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

উল্লেখযোগ্য যে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইত কৰ্মৰত এজন কৰ্মচাৰীক স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই সামান্য দোষতে কাণত ধৰাই আঁঠু কঢ়াই থৈছিল। ইয়াৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কথাটো সকলোৰে মাজত প্ৰচাৰ হৈ যায় আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পাছতে তিনিটাকৈ সংগঠনে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে গোচৰ দিছিল দিচপুৰ থানাত।

কেইবাটাও জাতীয় দল-সংগঠনে এই কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল গণেশগুৰিস্থিত হুণ্ডাইৰ শ্ব’ৰূমৰ সন্মুখত। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলেও পিছত একেলগে ঘটনাটোৰ প্ৰতিবাদ কৰিছিল।

আনহাতে ঘটনাটো সন্দৰ্ভত মুকেশ হুণ্ডাইৰ শ্ব’ৰূমৰ কৰ্তৃপক্ষৰে কৃষক মুক্তিৰ নেতা অখিল গগৈ, লাচিত সেনা, উন্নয়ন পৰিষদ, অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদে বৈঠক অনুষ্ঠিত কৰিছিল আৰু কৰ্তৃপক্ষক এখন চুক্তিপত্ৰত চহী কৰাইছিল।

বৈঠকত ঋষভ হিম্মৎসিংকাক তেওঁৰ এই নিন্দনীয় আচৰণৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলা হৈছিল। হুণ্ডাই কৰ্তৃপক্ষই এই দাবী মানি লৈছিল। চুক্তিমতে, ঋষভ হিম্মৎসিংকাই সংবাদমেল দি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিব। আৰু সেইটো নকৰা পৰ্য্যন্ত বন্ধ থাকিব মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচিং চেণ্টাৰ। চুক্তিত চহী কৰিছিল হুণ্ডাইৰ জেনেৰেল মেনেজাৰ (ছেইলছ) ধীৰাজ দাস কাশ্যপে

চুক্তিখনত লিখা আছে, “আমাৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই এখন সংবাদমেল আয়োজন কৰি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিব।  যেতিয়ালৈকে তেখেতে তেখেতৰ এই কৃতকৰ্মৰ বাবে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা নুখুজিব তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ দুয়োটাই বন্ধ থাকিব। বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে তেখেতসকলৰ ন্যায্য দৰমহাসহ ছুটী লাভ কৰিব।…”

আৰক্ষীয়ে গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক বিচাৰি আছিল যদিও তেওঁক বিচাৰি পোৱা নাছিল বুলি কালি পৰ্য্যন্ত আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছিল। কিন্তু সংবাদ মাধ্যমত আৰক্ষীৰ ব্যৰ্থতাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছিল দিচপুৰ আৰক্ষী আৰু আজি তেওঁক আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে।