NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা:  ১৩ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানক পুনৰ নিবিদা দাখিলৰ নিৰ্দেশ

March 10, 2018 1:32 pm · এন ই নাও নিউজ

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ নিৰ্বাচিত হিতাধিকাৰী গোটক ট্ৰেক্টৰ যোগান ধৰাৰ প্ৰক্ৰিয়া পুনৰ হাতত লৈছে কৃষি বিভাগে।

সেই অনুসৰি নিবিদাত অংশগ্ৰহণকাৰী ১৩টা ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানৰ পৰা নতুনকৈ নিবিদা আহ্বান কৰিছে কৃষি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ে।

জানিব পৰা মতে অহা ১২ মাৰ্চ অৰ্থাৎ কাইলৈৰ ভিতৰত সংশ্লিষ্ট প্ৰতিষ্ঠানকেইটাই কৃষি বিভাগে যোগান ধৰা নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে প্ৰতিযোগিতা মূল্য দাখিল কৰিব লাগিব।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সমিতিখনে আগবঢ়োৱা পৰামৰ্শ তথা কেবিনেটৰ সিদ্ধান্তমৰ্মে কৃষি বিভাগৰ ফালৰ পৰা এনে পদক্ষেপ লোৱা হৈছে।

স্মৰ্তব্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিখন শুভাৰম্ভ কৰাৰ পিছতেই ট্ৰেক্টৰসমূহৰ মূল্য নিৰ্ধাৰণক লৈ কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাত ৰাজ্য চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখে আৰু বিষয়টো পৰীক্ষাৰ বাবে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিয়ে।

মন কৰিবলগীয়া যে নিবিদাকাৰী টেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানকেইটাই প্ৰতিখন ট্ৰেক্টৰৰ বিপৰীতে অধিক মূল্য ধাৰ্য কৰিছিল, যিটো পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হয়।

সেয়েহে কেবিনেটৰ সিদ্ধান্তনুসৰি কৃষি বিভাগে নিবিদাকাৰী ১৩টা ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানক নতুনকৈ প্ৰতিযোগিতা মূল্য দাখিল কৰাৰ নিৰ্দেশ দিছে।

প্ৰাপ্ত্য তথ্য মতে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এই সুবিধা লাভৰ বাবে মুঠ ২৫,০০৭খন আবেদন দাখিল কৰিছে হিতাধিকাৰীয়ে। তাৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত১০,১৩৪টা কৃষক গোটক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে বাছনি কৰা বুলি জানিব পৰা গৈছে।

 

Related News