মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীত ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰ উদ্বোধন

 

 

গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত থকা জি অ’ চি ১০১ নং অঞ্চলত ২৩ সংখ্যক ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰটো দেওবাৰে উদ্বোধন কৰে লেফটেনেন্ট জেনেৰেল ডি এছ আহুজাই। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে প্ৰচেষ্টাক প্ৰশংসা কৰে।

অহা ৩১ ডিচেম্বৰত সামৰণি পৰিবলগীয়া শিৱিৰটোত ১৪ বছৰৰ পৰা ২৫ বছৰৰ বয়সৰ মুঠতে ৫০০ গৰাকী যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ৩০০ গৰাকী ল’ৰা আৰু ২০০ গৰাকী ছোৱালী।

এই শিৱিৰৰ উদ্দেশ্য হৈছে শৃংখলা, নিয়মানুৱৰ্তিতা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভিন্ন ৰাজ্য তথা ভিন্ন অঞ্চলৰ যুৱসকলৰ সৈতে মত বিনিময়ৰ যোগেদি ৰাষ্ট্ৰীয় একতাৰ ধাৰণাৰ বিকাশ আৰু এটা স্বাস্থ্যসন্মত জীৱন প্ৰণালী গঢ়ি তোলাৰ প্ৰৱণতা সৃষ্টি কৰা।

 

 

শিৱিৰত অংশগ্ৰহণকাৰী যুৱসকলক নেতৃত্ব বহনৰ শিক্ষা, শাৰীৰিক প্ৰশিক্ষণ, যোগ, ক্ৰীড়া আৰু দলীয় খেল, প্ৰাথমিক চিকিৎসা আৰু স্বাৱলম্বনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বৃত্তিৰ আভাস দাঙি ধৰা হ’ব।

শিৱিৰৰ সময়ছোৱাত জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ, বিজ্ঞানক জনমুখী কৰি তোলা, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা তথা কেৰিয়াৰৰ নিৰ্দেশনা সম্পৰ্কীয় আলোচনা চক্ৰৰো আয়োজন কৰা হ’ব। দেশৰ যুৱসকলৰ মাজত বিজ্ঞান আৰু সংস্কৃতিৰ বিৰল সমন্বয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ উন্মোচন কৰা হ’ব শিৱিৰৰ প্ৰশিক্ষণৰ সময়ছোৱাত।

বিজ্ঞানৰ প্ৰতি যুৱসকলৰ আকৰ্ষণ বৃদ্ধিক উৎসাহিত কৰি লেঃ জেনেৰেল ডি এছ আহুজাই কয়, ‘’বিকাশৰ অন্তৰায় হিচাপে থিয় হোৱা আমাৰ পুৰণিকলীয়া ধ্যান ধাৰণাবোৰ ত্যাগ কৰিব লাগে। অৱশ্যে প্ৰযুক্তিৰ দৌৰত কোনোৱে আমাৰ দেশৰ মহান সাস্কৃতিক ঐতিহ্যক বিসৰ্জন দিব নালাগে।‘’

জেনেৰেল গৰাকীয়ে  শিৱিৰত অংশগ্ৰহণকাৰীসকলক সামৰিক শিৱিৰত এগৰাকী সৈনিকৰ দৈনন্দিন কাৰ্যসূচী প্ৰত্যক্ষ কৰি এই বিৰল সুযোগ গ্ৰহণৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে একক বিষয়বস্তুৰে এনে এটা শিৱিৰৰ আয়োজন কৰাৰ বাবে কলকাতা চায়েন্স এণ্ড কালচাৰেল অ’ৰ্গেনাইজেশ্যন ফৰ ইউথ্ আৰু মুখ্য পৃষ্ঠপোষক অধ্যাপক ৰয়ক (মধ্য প্ৰদেশ) ধন্যবাদ জনায়।