মুখ্য মন্ত্ৰীলৈ ‘ৰজা সৰ্বানন্দ সিংহ বঁটা’ মটক জাতীয় সংগঠনৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা হ’ব মটক ৰজা ‘সৰ্বানন্দ সিংহ বঁটা’। তাৎপৰ্য্যপূৰ্ণভাৱে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে উদ্যোগ লোৱা ‘সৰ্বানন্দ সিংহ দিৱস’তে ২৭ মে’ত মুখ্য মন্ত্ৰীক এই বঁটা প্ৰদান কৰিব সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন,  সদৌ অসম মটক মহিলা পৰিষদে।

মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৩ সংখ্যক মৃত্যু তিথি উপলক্ষে ২৪ৰ পৰা ২৭ মে’লৈ তিনিচুকীয়াৰ পদুমণিস্থিত মৈদামস্থলীত এই দিৱস আয়োজন কৰা হৈছে।

এই বঁটাৰ সৈতে  স্মাৰক, এখন চেলেং আৰু নগদ ১ লাখ টকা থাকিব বুলি আজি গুৱাহাটীত সংবাদমেলযোগে জানিবলৈ দিয়ে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন।

যোৱা বছৰ হাগ্ৰামা মহিলাৰিক প্ৰদান কৰা এই বঁটা কেৱল ৰাজনৈতিক নেতাক কিয় প্ৰদান কৰা হয় বুলি কৰা প্ৰশ্নৰ উত্তৰত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিন্টু বৰপাত্ৰই কয় ‘সদৌ অসম মটক যুৱ সন্মিলনৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট টাই ভাষাৰ গৱেষক পুষ্পধৰ গগৈকো বেংমৰা সমন্বয়ক বঁটা প্ৰদান কৰা হৈছিল। তেওঁ মটক জনগোষ্ঠীৰ ওপৰতো বহুকেইখন গৱেষণামূলক গ্ৰন্থ ৰচনা কৰিছে। আজিৰ তাৰিখত যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী নহ’লহেঁতেন, তেওঁ এগৰাকী সংগ্ৰামী নেতা। তেওঁ চাবুৱা সমষ্টিৰ সাংসদ হৈ থাকোঁতে আমাৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ হকে মাত মাতিছিল। মুখ্যমন্ত্ৰী হ’লেও তেওঁক সৰ্বানন্দ সোণোৱাল হিচাপে বঁটাটো প্ৰদান কৰা হ’ব। আমি কোনো ৰাজনৈতিক মুনাফা আদায়ৰ হেতু এই বঁটা প্ৰদান কৰা নাই। তেওঁক আমি কালি সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছো। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, তেতিয়ালৈকে আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।’

উল্লেখযোগ্য যে ২৪ মে’ৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰ সন্মত হোৱা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে মটক জনগোষ্ঠীয় সংগঠন তিনিটাৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ১৮ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ যোৱা ২৩ এপ্ৰিলত প্ৰদান কৰিছিল।

চৰকাৰী পৃষ্ঠপোষকতা সন্দৰ্ভত তেওঁ কয় যে ‘অন্য যিসমূহ জনগোষ্ঠীয় ৰজা আছে তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হৈছে যিহেতু, আমাৰ ৰজা-স্বৰ্গদেউসকলকো স্বীকৃতি দিবলৈ চৰকাৰ বাধ্য। সেয়েহে চৰকাৰী পৃষ্ঠপোষকতাত মটক ৰজা সৰ্বানন্দ সিংহৰ মৃত্যু বাৰ্ষিকীটো উদযাপন কৰিবৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে।’