NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ কাষতে বহি দ্বিতীয় বৰ্ষপূৰ্তিত সোণোৱাল চৰকাৰক কিমান নম্বৰ দিলে হাগ্ৰামাই?

May 24, 2018 8:59 pm · কল্পজ্যোতি শইকীয়া
Updated: May 24, 2018 9:00 pm

বিজেপিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বিষোদগাৰ প্ৰকাশ কৰিলেও সোণোৱাল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  আজি ২৪ মে’ত আয়োজন কৰা সংবাদমেলত চৰকাৰক লৈ যথেষ্ট সন্তুষ্ট যেন দেখা গ’ল হাগ্ৰামা মহিলাৰীক।

মুখ্য মন্ত্ৰী সোণোৱালৰ দুবছৰীয়া কাম-কাজৰ খতিয়ানত হাগ্ৰামাই ১০০ৰ ভিতৰত ১০০ নম্বৰ দিয়া বুলি মন্তব্য কৰে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিচি উন্নয়নৰ কাৰণে পাবলৈ বাকী থকা টকাখিনি লাহে লাহে পাব বুলি আশা প্ৰকাশ কৰি মহিলাৰীয়ে কয় ‘১০০০ কোটি টকাৰ বৰ্তমানলৈ ৫০০ কোটি টকা পাইছো।’

আনহাতে ৰাজ্য উত্তাল হৈ থকা নাগৰিকত্ব বিধেয়কক লৈ ‘সাপো নমৰক, লাঠীও নাভাগক’ নীতি লোৱাৰ কথাই আজি পুনৰ দোহাৰিলে হাগ্ৰামাই। তেওঁ কয় যে ‘অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাব, তাৰ পিছত সকলো ঠিক হৈ যাব।’

উল্লেখযোগ্য যে খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত চৰকাৰৰ আজি প্ৰশংসাত পঞ্চমুখ হৈ পৰা হাগ্ৰামাই ‘বিজেপিয়ে এবছুৰ লগ লাগি বিপিএফক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু বিটিচিত বিপিএফক বিজেপিয়ে একো কৰিব নোৱাৰে’ বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

তাৰোপৰি অলপতে অনুষ্ঠিত হোৱা নেডাৰ বৈঠকতো তেওঁ বিজেপি চৰকাৰৰ পৰা পাবলগীয়া কিছুমান সা-সুবিধা লাভ নকৰা বুলি অমিত শ্বাহৰ সন্মুখতে ক্ষোভ উজাৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে মিত্ৰজোঁটৰে অগপ দলৰ মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰখাৰ পৰা বিৰত থাকে।

Related News