NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ ডেডলাইন পাৰ হৈ যোৱাৰ পিছতো টিহুত গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ ১০ শতাংশও সম্পূৰ্ণ নহ’ল

May 1, 2018 10:09 am · এন ই নাও নিউজ

বাৰিষাৰ পূৰ্বে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ সকলো আঁচনিৰ কাম তথা মথাউৰি নিৰ্মাণৰ সকলো কাম ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশক কোনো ধৰণৰ কেৰেপ নকৰে জলসম্পদ বিভাগে। এই কথা প্ৰমাণ কৰিছে নলবাৰী জিলাৰ টিহুত চলি থকা জিঅ’বেগ আঁচনিৰ কাম বৰ্তমানো সম্পূৰ্ণ হৈ নুঠা কাৰ্যই।

উল্লেখযোগ্য যে টিহু নদীৰ পাৰৰ এক নম্বৰ ৱাৰ্ড আৰু ভদ্ৰকুছি এলেকাত দীৰ্ঘদিন ধৰি টিহু নদীয়ে সৃষ্টি কৰি অহা প্ৰবল গৰাখহনীয়াই অঞ্চলবাসী ৰাইজক ব্যাপক ক্ষতি সাধন কৰি আহিছে। ফলত স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।

ফলত পৰৱৰ্তী সময়ত জলসম্পদ বিভাগৰ দ্বাৰা জিঅ’বেগ আঁচনিৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে টিহু নদীৰ দুয়ো পাৰত সৃষ্টি হোৱা গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হয়। লগতে উক্ত আঁচনি ৰূপায়ণৰ বাবে পাঁচটা ঠিকাদাৰ গোষ্ঠীয়ে কামৰ আবণ্টন লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

কিন্তু তাৎপৰ্যপূৰ্ণভআৱে পাঁচটা ঠিকাদাৰ গোষ্ঠীৰ ভিতৰত এটা ঠিকাদাৰ গোষ্ঠীয়েহে গৰাখহনীয়াৰ দুই ঠাইৰ মাত্ৰ ৯৪ মিটাৰ কাম সম্পন্ন কৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে বাকী থকা ১৭৩ মিটাৰ গৰাখহনীয়াৰ ১০ শতাংশ কামো সম্পন্ন হোৱা নাই। মুখ্য মন্ত্ৰীৰ ৩০ এপ্ৰিলৰ ভিতৰত সকলো বান গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পন্ন কৰাৰ নিৰ্দেশ থকাৰ পিছতো টিহুত জিঅ’বেগৰ কাম সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ ক্ষুভিত হৈ পৰিছে।

লগতে স্থানীয় ৰাইজে অঞ্চলটোৰ বাসিন্দাসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গৰাখহনীয়া প্ৰতিৰোধৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাব দাবী জনাইছে।

Related News