NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ সমষ্টিত শিলৰ স্পাৰত ব্যাপক খহনীয়া; ব্ৰহ্মপুত্ৰৰ গ্ৰাসত পৰাৰ শংকা পূব মাজুলী

August 5, 2018 4:38 pm · মিটু খাটনিয়াৰ

ব্ৰহ্মপুত্ৰৰ খহনীয়া তীব্ৰতৰ হৈ পৰিছে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীৰ শালমৰা অঞ্চলত। মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে শালমৰাত নিৰ্মাণ কৰা ১নং শৈল স্পাৰৰ বৃহৎ অংশ খহনীয়াত জাহ যোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী।

খহনীয়াত শিলৰ স্পাৰটোৰ বাকী অংশও শেষ হ’লে সমগ্ৰ পূব মাজুলীলৈ ব্ৰহ্মপুত্ৰ সোমাই মাজুলীৰ অস্তিত্বই বিপন্ন কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

মাজুলীৰ একালৰ বৃহত্তৰ মৌজা শালমৰাবাসীক সুৰক্ষিত কৰি অহাৰ লগতে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত ৰক্ষা কবচস্বৰূপ শৈল স্পাৰটোৰ অধিকাংশ ইতিমধ্যে খহনীয়াত জাহ গৈছে।

Related News