মুখ্য মন্ত্ৰীৰ সময়সীমা উকলিল : বৰপেটাৰ কেইবাটাও মথাউৰিৰ কাম-কাজ অসম্পূৰ্ণ অৱস্থাত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মথাউৰিসমূহ মেৰামতি কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ এপ্ৰিল ‘ডেডলাইন’ বান্ধি দিছিল যদিও সোমবাৰে এই ‘ডেডলাইন’ উকলি যোৱাৰ পিছতো বৰপেটা জিলাৰ বিভিন্ন স্থানত থকা কেইবাটাও মথাউৰিৰ মেৰামতিৰ কাম-কাজ সম্পূৰ্ণ নহ’ল।

বিগত বৰ্ষত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে ছিঙি নিয়া একাংশ মথাউৰিৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ অনিশ্চয়তাত দিন অতিবাহিত কৰিছে নৈপৰীয়া লোকসকলে।

ৰাজ্যৰ জলসম্পদ বিভাগৰ চূড়ান্ত অৱহেলা আৰু গাফিলতিৰ বাবেই নিৰ্ধাৰিত সময়ৰ ভিতৰত বৰপেটা জিলাৰ জৰাজীৰ্ণ আৰু উন্মুক্ত হৈ থকা মথাউৰিসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। জিলাখনৰ গৰাখহনীয়া প্ৰবণ অঞ্চল দক্ষিণ-পূব বৰপেটাৰ অন্তৰ্গত ডক্ৰেশ্বৰ, বাৰাদি, সুহা, শিলা আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে প্ৰায় ছবছৰ পূৰ্বে হৰিপুৰ-মাদ্ৰাছাৰ পৰা পাজাৰভাঙালৈ প্ৰায় ২২ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ কৰিছিল।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই মথাউৰিটো আজি পৰ্যন্ত মেৰামতি কৰা নহ’ল। যোৱা বৰ্ষত বাৰিষাৰ সময়ছোৱাত মথাউৰিটো বাৰাদি আৰু ডক্ৰেশ্বৰৰ মাজৰ প্ৰায় চাৰিশ মিটাৰ অংশ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছিল। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত মথাউৰিটোৰ এই অংশচোৱা কোনোমতে ৰক্ষা পৰে। নিৰ্মাণৰ সময়ত অতি থেক হোৱাৰ বাবে এই অংশটো এতিয়াও বিপজ্জনক হৈ আছে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ বানাক্ৰান্ত ৰাইজক ব্ৰহ্মপুত্ৰ, বেঁকী, ভেলেঙী, মৰাচাউলখোৱা, নখান্দা, পহুমাৰা, কালদিয়া আদি নৈসমূহৰ পৰা সুৰক্ষা দিয়াৰ বাবে বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মথাউৰিসমূহ।

কিন্তু বৰপেটা জলসম্পদ বিভাগে এই মথাউৰিসমূহ দীৰ্ঘ সময় ধৰি মেৰামতি নকৰাৰ ফলত অধিকাংশ মথাউৰিয়েই জৰাজীৰ্ণ হৈ পৰিছে।

ইফালে সত্ৰনকৰাৰ পৰা বাঘবৰলৈ থকা গড়কাপ্তানি পথছোৱা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত বিলীন হৈ যোৱাৰ পিছত বাঘবৰ সমষ্টিৰ লক্ষাধিক ৰাইজে যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে মথাউৰিটোকে ব্যৱহাৰ কৰি আহিছে। তদুপৰি সত্ৰনকৰা, গৰলা, চাছৰা, মাণিকপুৰ, বাঘবৰ মথাউৰিৰ কাষবোৰ খান্দি বহু লোকে অবৈধভাৱে ঘৰ-বাৰী সাজি বসবাস কৰাৰ ফলত বহৰি-বাঘবৰ মথাউৰিটোৰ বহু অংশ বিধ্বস্ত হৈ পৰিছে।