মুখ্য মন্ত্ৰীৰ সময়সীমা ওকলিবলৈ দুদিন বাকী : মেৰামতি নহ’ল ছেৱাগুৰি মথাউৰি
যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ মথাউৰি সমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে সেই সময়তে বিশ্বনাথৰ ছেৱাগুৰি মথাউৰিটো খহনীয়াৰ কবলত পৰাৰ বাবে শংকিত হৈ পৰিছে বিশ্বনাথবাসী।
উল্লেখযোগ্য যে বাৰিষা নৌহওঁতেই মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ গ্ৰাসত পৰিছে বিশ্বনাথৰ ছোৱাগুৰি মথাউৰি । বিগত ৩ দিনত ছোৱাগুৰি মথাউৰিটোৰ বহু অংশ খহাই নিয়াৰ লগতে প্ৰায় ২০-৩০ বিঘা মাটি লুইতৰ বুকুত জাহ গৈছে। কিন্তু মুখ্য মন্ত্ৰীৰ ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ কঠোৰ নিৰ্দেশ থকাৰ পিছতো জলসম্পদ বিভাগে এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত স্থানীয় ৰাইজ বিভাগটোৰ ওপৰত ক্ষোভিত হৈ পৰিছে।
ইফালে বিশ্বনাথ জিলাৰ ৰক্ষা কবচ বিশ্বনাথঘাট পানপুৰ মথাউৰিয়েও নিদ্ৰা হৰণ কৰিছে সমগ্ৰ বিশ্বনাথবাসীৰ। সম্প্ৰতি বিশ্বনাথ ঘাট পানপুৰ মথাউৰিটোৰ জিঅ’বেগৰ বাবে বিশ্বনাথ ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ ৭.৬ কি. মি. ৰ বাবে প্ৰায় ১০০ কোটি টকাৰ আবণ্টন দিয়া হৈছিল।
কিন্তু টকা আবণ্টন দিয়াৰ পিছতো চৰকাৰে মথাউৰি নিৰ্মাণৰ বাবে ঠিকাদাৰক ধন মোকলাই নিদিয়াৰ বাবে আজি লৈকে ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ জিঅ’বেগৰ কাম সম্পূৰ্ণ হৈ নুঠিল।
আনহাতে বিশ্বনাথৰ যি ৬ কি:মি: জিঅ’বেগৰ কাম হৈছিল তাকো যোৱা বাৰিষাত মহাবাহু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে প্ৰায় ৬০ শতাংশ খহাই নিয়ে।
বিগত এটা বছৰ পাৰ হোৱাৰ পিছতো এই ভগ্নাংশ কোনো ধৰণৰ মেৰামতি নকৰাৰ বাবে আগন্তুক বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে নিমিষতে খহাই নি বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল গ্ৰাস কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উল্লেখযোগ্য যে ২০১২ চনত এই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ চতিয়া আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাঁও পানীৰ তলত বুৰ গৈছিল যাৰ বাবে হাজাৰ হাজাৰ পশু ধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল।
মন কৰিব লগীয়া যে এতিয়া মুখ্য মন্ত্ৰীয়ে মথাউৰি নিৰ্মাণৰ বাবে দিয়া ডেড লাইনৰ অন্তিম সময়সীমালৈ মাথো দুটা দিন বাকী থকা জলসম্পদ বিভাগে এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।