NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী-জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো উন্মুক্ত অৱস্থাতে ৰ’ল নলবাৰীৰ মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি

April 3, 2018 12:44 pm · এন ই নাও নিউজ

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্রী কেশৱ মহন্তই মার্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো ভগ্ন মথাউৰি নির্মাণৰ অন্তিম সীমা বান্ধি দি কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্রী, জলসম্পদ মন্ত্রীৰ নিৰ্দেশ তথা বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতো ৰাজ্যখনত মথাউৰি নির্মাণৰ কাম বাস্তৱত পৰিণত নহ’ল৷

এই কথা প্ৰমাণ কৰিছে নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তর্গত বালি গাঁৱৰ মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰিটোৱে। মুখ্য মন্ত্ৰী তথা জল সম্পদ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো যোৱা বছৰে বানে ছিঙা মথাউৰিটো বৰ্তমানো উন্মুক্ত অৱস্থাতে আছে।

উল্লেখযোগ্য যে যোৱা বছৰ মৰাপাগলাদিয়া নদীৰ সোঁতে বালি গাঁৱৰ কৈহাটিপাৰাৰ পৰা টিহু-আখৰা গড়কাপ্টানী পথ সংলগ্ন মথাউৰিটো ছিঙি কৈহাটিপাৰা, মধ্য ষাঠিকুছি, কুলবিল, গৰবেৰ, সাৰাপাৰা আদি অঞ্চলসমূহৰ কেইবা হেক্টৰ কৃষিভূমি আৰু ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰিছিল৷

ইফালে মুখ্যমন্ত্রী আৰু মন্ত্রীগৰাকীৰ এই নির্দেশত ৰাজ্যৰ কৃষক আৰু সর্বসাধাৰণ ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছিল যদিও বৰ্তমান স্থানীয় ৰাইজে মথাউৰিটো নিৰ্মাণ নোহোৱাত আগতীয়াকৈ বানৰ আশংকাত ভুগিছে। কিয়নো আগন্তুক বাৰিষাত মথাউৰিৰ উন্মুক্ত অংশইদি পানী সোমাই ভেটি-মাটি উছন হোৱাৰ লগতে কৃষিভূমি জাহ যোৱাটো নিশ্চিত হৈ পৰিছে৷

এইক্ষেত্ৰত ভুক্তভোগী সকলে ৰাজ্য চৰকাৰক অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

 

Related News