NORTHEAST NOW (Assamese)

‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

August 5, 2018 12:31 pm · এন ই নাও নিউজ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত খেলপথাৰ উন্নয়ন আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে। এই আঁচনিখনৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত দুটা পাইলট প্ৰজেক্ট আৰম্ভ কৰি ৰাজ্যখনৰ ৩৩খন জিলাতে খেলপথাৰ উন্নয়নৰ আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

শনিবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অসম যুৱ উন্নয়ন অভিযান ছ’চাইটীৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰী সোণোৱালে ক্ৰীড়া বিভাগক এই নিৰ্দেশ দিয়ে।

গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰিব পৰাকৈ এই খেলপথাৰসমূহৰ উন্নয়ন সাধন কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে গ্ৰামাঞ্চলত এক ক্ৰীড়াৰ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে গাওঁ পঞ্চায়ত, আঞ্চলিক পৰ্যায়ত আৰু জিলা পৰিষদ পৰ্যায়ত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৮ৰ পৰা ১৪, ১৫ৰ পৰা ১৯ আৰু ২০ৰ পৰা ৩০ বছৰ বয়সক সামৰি তিনিটা পৰ্যায়ত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়।

গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে উঠি অহা প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশাই তোলাৰ বাবে অহা ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

এই ছেমিনাৰত জিলা পৰ্যায়ৰ ক্ৰীড়া সংগঠন, জিলা ক্ৰীড়া বিষয়া, ক্ৰীড়াবিদ বিশেষকৈ নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা খেলুৱৈৰ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।

শনিবাৰৰ এই বৈঠক খনত ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰ টি জিন্দাল, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Related News