NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত কৃষিবান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি

May 30, 2018 11:06 am · মিটু খাটনিয়াৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত কৃষিবান্ধ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। নামনি মাজুলীৰ চিলাকলা কৃষিবান্ধ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিয়ে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসী কৃষকৰ। কিয়নো সোৱনশিৰিৰ বাঢ়নি পানীত ছিগো ছিগো অৱস্হা হৈছে কৃষিবান্ধটো।

মাজুলীৰ ১৫ খন গাঁৱৰ কৃষকে এতিয়া আহু আৰু বৰোধান চপোৱাত ব্যস্ত হৈ থকা সময়তে তেওঁলোকৰ একমাত্ৰ ভৰসা এই কৃষিবান্ধটো চপৰা চপৰকৈ খহিব ধৰাত আতংকিত হৈ পৰিছে কৃষকসকল। কৃষিবান্ধটো ছিগিলে নষ্ট হব শ শ বিঘা আহু আৰু বড়ো ধানৰ খেতি।

উল্লেখযোগ্য যে এই কৃষিবান্ধটো চিলাকলা গাঁও পঞ্চায়তৰ অধীনত এনেৰেগা আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিল। কিন্তু ঠিকাদাৰ আৰু পঞ্চায়ত সভানেত্ৰীয়ে কৃষিবান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত চৰম অনিয়ম তথা দুৰ্নীতি সংঘটিত কৰা বাবেই অঞ্চলটোৰ কৃষকে হাহাকাৰ কৰিব লগা হৈছে।

ইফালে অতি নিম্ন মানৰ কৃষিবান্ধটো পৰিদৰ্শনৰ বাবে এই পৰ্যন্ত মাজুলী জিলা প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে কৃষকসকল।

Related News