মুম্বাইত ২৪ ঘণ্টীয়া নৈশ মাৰাথনত দৌৰিব ‘ছিকিম মাৰাথন মানৱ’ অমৰ চুব্বাই

Sikkim-Marathan-Man-570x320

পুনৰ এক নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে সাজু হৈ উঠিছে  ‘ছিকিম মাৰাথন মানৱ’ ৰূপে পৰিচিত অমৰ চুব্বা। অহা ১৬ আৰু ১৭ জুনত মহাৰাষ্ট্ৰৰ মুম্বাইৰ মেৰিন ড্ৰাইভৰ য়ুনিভাৰ্ছিটি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২৪ ঘণ্টীয়া নৈশ মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্যে শুকুৰবাৰে মুম্বাইলৈ ৰাওনা হ’ব খেলুৱৈগৰাকী।

১৬ জুন’ৰ সন্ধিয়া ৬ বজাত আৰম্ভ হ’বলগীয়া এই দৌৰত প্ৰতিযোগীসকলে ১৭ মে’ৰ সন্ধিয়া ৬ বজাৰ ভিতৰত সৰ্বোচ্চ দূৰত্ব অতিক্ৰম কৰিব লাগিব।

বিগত মে’ মাহত হায়দৰাবাদৰ গাচ্ছিবউলি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১২ ঘণ্টীয়া নৈশ মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উন্নত ফলাফল আগবঢ়োৱা হেতুকে তেওঁক এই ২৪ ঘণ্টীয়া দৌৰলৈ আমণ্ট্ৰণ জনাইছে।

৫০ বছৰীয়া চুব্বাই আজি এক সংবাদমেলৰৰ আয়োজনেৰে যোৱা বছৰ বাংগালোৰত অনুষ্ঠিত হোৱা ২৪ ঘণ্টীয়া ষ্টেডিয়াম দৌৰত অংশগ্ৰহণ কৰি আঘাতৰ বাবে আধাতে প্ৰতিযোগিতা সামৰিবলগীয়া হোৱা ঘটনাৰ বিষয়েও উল্লেখ কৰে।

তেওঁ কয়- ‘যোৱা বছৰৰ ২৪ ঘণ্টীয়া দৌৰত অংশ লৈ বেয়াকৈ আঘাত হৈছিলো আৰু তাৰ পৰা মই বহু কথা শিকিছো। সেয়ে এইবাৰ তেনেধৰণৰ ভূল নকৰো। ভাৰতৰ শ্ৰেষ্ঠ আল্ট্ৰা দৌৰবিদ সকলৰ লগত দৌৰিব পোৱাটো মোৰ বাবে ডাঙৰ সৌভাগ্য’।

উল্লেখ্য যে হায়দৰাবাদত অনুষ্ঠিত হৈ যোৱা ১২ ঘণ্টীয়া নৈশ দৌৰে মোক আগন্তুক ২৪ ঘণ্টীয়া দৌৰত অংশগ্ৰহণৰ বাবে উৎসাহী কৰি তোলাৰ লগতে যথেষ্ট পৰিমানে সহায়ক হ’ব। আগন্তুক ২৪ ঘণ্টীয়া দৌৰত ১৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পৰিকল্পনা কৰিছে বুলিও চুব্বাই সংবাদমেলত প্ৰকাশ কৰে।