• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই চলচ্চিত্ৰ উদ্যোগত কাম কৰিবলৈ ইচ্ছুক নহয় পৰিচালক জাহ্নু বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 6:45 pm
Jahnu Barua explains significance of Assam's opposition to CAA

জাহ্নু বৰুৱাৰ ফাইল ছবি।

259
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰৰ মাধ্যমেৰে সাধাৰণ ভাৰতীয় মানুহৰ বিভিন্ন সমস্যাক তুলি ধৰা চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই চলচ্চিত্ৰ উদ্যোগটোৰ বহুতো কথাৰ সৈতে যে একমত নহয়, তেওঁৰ কৰ্মৰাজিৰ মাজেৰে সদায় দেখুৱাই আহিছে।

দেশত আৰু দেশৰ বাহিৰতো চলচ্চিত্ৰৰ ভাষা বুজি পোৱা দৰ্শক-সমালোচকৰ প্ৰশংসা লাভ কৰা পৰিচালকগৰাকীয়ে চলচ্চিত্ৰ উদ্যোগটোৰ ‘চলচ্চিত্ৰ কেবল আমোদৰ বাবে’ ধাৰণাৰ সৈতে কোনো দিন একেমত নাছিল। এক আপোচহীন মনোভাৱেৰে চলচ্চিত্ৰৰ ভাষাত কথা ক’বলৈ ভাল পোৱা জাহ্নু বৰুৱাক শেহতীয়াভাৱে এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰাৰ অফাৰ দিয়া হৈছে যদিও এই বিষয়ত যেন তেওঁ কিছু নিৰুত্তাপ। তেওঁ স্পষ্টকৈ কৈ দিছে যে তেওঁৰ সৈতে চিনেমা কৰাটো সহজ কথা নহয়।

উল্লেখ্য যে ২০০৫ চনত অসমৰ এইগৰাকী আগশাৰিৰ পৰিচালকে ‘মেইনে গান্ধীকো নেহী মাৰা’ নামৰ এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল আৰু তাৰ পাছত প্ৰীতি জিণ্টা অভিনীত ‘হৰপল’ পৰচালনা কৰিছিল যদিও তাৰ প্ৰযোজনা বৰ্তমান বন্ধ হৈ আছে।

বৰ্তমান বৰুৱাই প্ৰিয়ংকা চোপ্ৰাক লৈ ‘ভগা খিৰিকি’ নামৰ এখন চলচ্চিত্ৰ পৰিচালনাৰ কাম হাতত লৈছে।

অসম চৰকাৰৰ ‘অসম চলচ্চিত্ৰ পৰ্যটন নীতি’ৰ (আসাম ফিল্ম ট্যুৰিজম পলিচি) অন্তৰ্গত জাহ্নু বৰুৱাৰ শেহতীয়া পৰিচালনাৰ ‘আনৰীড পেজেজ’ নামৰ চলচ্চিত্ৰখন হলীউডৰ এটা স্বাধীন চলচ্চিত্ৰ প্ৰযোজনা কোম্পানি আইভানহো পিকছাৰ্ছ আৰু মুম্বাইৰ ইষ্টাৰ্লি এণ্টাৰ্টেইনমেণ্টে যুটীয়াকৈ প্ৰযোজনা কৰিব।

তেওঁ আৰু হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিব নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰচণ্ড আত্মবিশ্বাসী পৰিচালকগৰাকীয়ে সেই চিনাকি সৰল হাঁহিৰে কয়, ‘কিছু সংখ্যক অফাৰ আহি আছে, অলপ ভাবি চাওঁ। মোৰ সৈতে কাম কৰাটো বৰ কঠিন’। তেওঁ কয়,‘মোৰ বাবে ছবি নিৰ্মাণ মাথোঁ এটা আমোদ নহয়, ই তাতকৈ আৰু অধিক’।

ইতিমধ্যে ছুটিং সম্পন্ন হোৱা প্ৰিয়ংকা চোপ্ৰা প্ৰযোজনাৰ ‘ভগা খিৰিকি’ চলচ্চিত্ৰখনৰ কাহিনী সামাজিক-ৰাজনৈতিকভাৱে অস্থিৰ পৰিৱেশৰ এজনী কম বয়সীয়া গাৱঁলীয়া মহিলাৰ জীৱনৰ ওপৰত আধাৰিত।

‘প্ৰিয়ংকা চোপ্ৰা’ৰ নামে চলচ্চিত্ৰখনক আৰু বহল ক্ষেত্ৰ এখন দিব নেকি’ বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত পৰিচালক বৰুৱাই কয়, ‘কাৰ সৈতে চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে সেয়া বৰ দাঙৰ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে চলচ্চিত্ৰখনৰ বিষয়বস্তু আৰু কেনেদৰে ইয়াক তুলি ধৰা হৈছে সেয়া গুৰুত্বপূৰ্ণ। কৰাণ প্ৰত্যেকটো সমস্যাৰেই এটা বিশ্বজনীনতা আছে’।

তেওঁ আৰু কয়,‘গতিকে মই ভাবো মোৰ আগৰ চলচ্চিত্ৰবোৰৰ দৰেই এইখনকো সকলো ঠাইতে গ্ৰহণ কৰা হ’ব। তেওঁ বিশ্বাসকৰে যে বিষয়বস্থু সৃষ্টিকৰ্তা (কনটেণ্ট ক্ৰিয়েটৰ), চলচ্চিত্ৰ নিৰ্মাতা, শিল্পীসকল সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে দেশখনৰ সমস্যাৰ পৰা নিজকে আঁতৰাই ৰখা অনুচিত।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd