NORTHEAST NOW (Assamese)

মূখ্য মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বিশ্বনাথত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ

July 10, 2018 8:35 am · কাজি জেইদুল ইছলাম 

কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক সোমবাৰে ট্ৰেক্টৰ চালকৰ ৰূপত দেখিবলৈ পোৱা গ’ল। মন্ত্ৰী গৰাকীয়ে কালি বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সৌজন্যত অঞ্চলটোৰ কৃষক গোট সমূহক মূখ্য মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণ কৰে।

উল্লেখযোগ্য উক্ত আঁচনিৰ অধীনত কালিৰ অনুষ্ঠানত কৃষক গোট সমূহক ৭০ শতাংশ ৰাজসাহায্যৰ সৈতে বিশ্বনাথ সমষ্টিত ২১৯ খন, বিহালীত ২০৮ খন আৰু গহপুৰ সমষ্টিত ৩১৩ খন ট্ৰেক্টৰকে ধৰি মুঠ ৭৪০খন ট্ৰেক্টৰ বিতৰণ কৰা হয়।

তদুপৰি ট্ৰেক্টৰ কোম্পানীৰ ডিলাৰ সমূহৰ পৰিচালক আৰু মন্ত্ৰী দত্তৰ মাজত হোৱা আলোচনা মৰ্মে বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ বিনামূলীয়া পাঁচতা চাৰ্ভিচিং গাঁৱে গাঁৱে গৈ কৃষকসকলৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷

উক্ত ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী দত্তৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Related News