• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাহাৰ দখলৰ লক্ষ্যৰে হাফলঙত আজি অগপৰ বিশাল কৰ্মী সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2018 9:05 am
09-07-18 Langting- AGP party meeting (7)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল  বিজেপিয়ে অঞ্চলটোত তৎপৰতা প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ অসম গণ পৰিষদ চমুকৈ অগপইও পাহাৰীয়া জিলাখনত ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে তৎপৰ হৈ উঠিছে।

বিভিন্ন কাৰ্যসূচী হাতত লৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা বিজেপিৰ নেতা ড০ হিমন্ত বিশ্ব শৰ্মা ডিমা হাচাওত উপস্থিত হোৱাৰ দিনাই অৰ্থাৎ সোমবাৰে অগপৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি জিলাখনৰ এক বৃহৎ সংখ্যক লোকে অগপত যোগদান কৰা কাৰ্যই ৰাজনৈতিক মহলত বিশেষ চৰ্চা হোৱা পৰিলক্ষিত হয়।

Apply Now

উল্লেখ্য যে পাৰ্বত্য জিলাখনত অগপৰ স্থিতি টনকিয়াল কৰাৰ বাবে গুৱাহাটীৰ পৰা গৈ হাফলঙত উপস্থিত হোৱা অগপ সভাপতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ এটা দলক সোমবাৰে উষ্ণ আদৰণি জনাইছে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজে।

জিলা অগপৰ নেতৃত্বত লাংটিঙত আয়োজিত আদৰণি সভাত দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই সভাত উপস্থিত থকা বিশাল জনতাক সম্বোধন কৰে। দলীয় সভাত অংশগ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাৰ লগতে বহুতো জ্যেষ্ঠ নেতা পাহাৰীয়া ৰাজ্যখনত সোমবাৰে উপস্থিত হয়।

আদৰণি সভাত অংশগ্ৰহণ কৰি দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই অসম গণ পৰিষদ দলৰ ধৰ্মনিৰপেক্ষ আৰু আঞ্চলিকতাবাদী দৃষ্টিভংগীৰ প্ৰতি জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আঞ্চলিক দলটোৰ প্ৰাসংগিকতাকে প্ৰতিপন্ন কৰা বুলি মতপোষণ কৰে।

ghy1

খিলঞ্জীয়া লোকৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অগপ দলে কোনো দিনে আপোচ কৰা নাই আৰু নকৰে। অসমৰ স্বাৰ্থত সকলোৱে একগোট হৈ আঞ্চলিক দলটোৰ ভেটি সুদৃঢ় কৰিলেহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ’ব বুলি সভাপতি বৰাই মন্তব্য আগবঢ়ায়।

অগপৰ কেন্দ্ৰীয় দলটোক আদৰাৰ উদ্দেশ্যে আয়োজিত সভাত সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, সম্পাদক দেৱৰাজ দিব্ৰাগেজে, দেৱজিৎ থাওচেন, প্ৰশান্ত ৱাৰিছা, জেদ নুনিচা আৰু জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বহুতো নেতা উপস্থিত থাকে।

ইফালে হাফলঙত আজি অগপই এখন বিশাল কৰ্মী সমাৱেশ আয়োজন কৰিছে। এই কৰ্মী সমাৱেশৰ জৰিয়তে আগন্তুক স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাইজৰ আস্থা লাভ কৰাৰ প্ৰচেষ্টা চলাব। সেই উদ্দেশ্যে দলটোৰ সভপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, ডাঃ কমলা কলিতা জিলাখনত উপস্থিত হোৱাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও আজিৰ এই সমাৱেশত উপস্থিত থকাৰ সম্ভাৱণা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd