মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীতো কংগ্ৰেছৰ বিশ্বাস ঘাতকতা দিৱস পালন

Screenshot_20180606-134844

পে’ট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে মাজুলী জিলা সমিতিয়েও জিলাখনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।  বিশ্বাস ঘাতকতা দিৱসৰ লগত সংগতি ৰাখি মাজুলী গড়মূৰস্থিত ৰাজীৱ ভৱনৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে।

সমদলত অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ নেতাসহ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি চৰকাৰখনক বিশ্বাস ঘাতকতা আখ্যা দিয়াৰ লগতে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰাত সম্পূৰ্ণৰূপে বিফল হোৱা বুলি ধিক্কাৰ দিয়ে।

প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰ গ’ বেক, পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰ বিৰোধী শ্লোগানেৰে মাজুলীৰ ৰাজপথ উত্তাল কৰি তোলে৷

উল্লেখ্য যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দল শাসনলৈ আহিলে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি কৈছিল কিন্তু বৰ্তমান প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। পেট্ৰ’ল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মোদী চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কৰে৷

পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰকোপত সাধাৰন ৰাইজে যথেষ্ঠ দূৰ্ভোগ ভূগিব লগা হৈছে যদিও কেন্দ্ৰৰ বিজেপি চৰকাৰখনে সাধাৰন ৰাইজৰ কথা চিন্তা নকৰি প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈ আছে বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই।