মৃত্যুৰ উপত্যকাত পৰিণত শিৱসাগৰৰ চাৰিং আলি কেকুৰি; একে স্থানতে পুনৰ দুৰ্ঘটনা সংঘটিত

দুৰ্ঘটনা

ক্ৰমাৎ যেন মৃত্যুৰ উপত্যকাত পৰিণত হৈছে শিৱসাগৰ জিলাৰ চাৰিং আলি কেকুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। চলিত মাহত দুজনকৈ ব্যক্তিৰ লগতে বছৰটোত অতি কমেও দহজনতকৈ অধিক ব্যক্তিয়ে মৃত্যুক সাবটি ল’ব লগা হৈছে।

এই কথা প্ৰমাণ কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত উক্ত স্থানত কালি নিশা দুখনকৈ মালবাহী ট্ৰাকৰ মাজত মুখামুখীকৈ হোৱা সংৰ্ঘষত এজন ব্যক্তি নিহত হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে আজি দিনৰ ভাগত পুনৰ একে স্থানত সংঘটিত হোৱা আন এক পথ দুৰ্ঘটনাত এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা ঘটনাই।

প্ৰাপ্ত তথ্য মতে এন এল ০১ কিউ ২৮৫৩৪ নম্বৰৰ শিৱসাগৰ অভিমুখী ট্ৰেইলাৰখন ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত একে দিশত আহি থকা এএছ ০৪ চি-৭৩৯৩ ক’লা ৰঙৰ হি’ৰ হোণ্ডা মটৰ চাইকেলখনে পিছফালৰপৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত মটৰ চাইকেল আৰোহী চাৰিং টেপৰ গাঁৱৰ ৰোহিত শইকীয়া নামৰ ব্যক্তিজন গুৰুতৰভাৱে আহত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাত লগে লগে আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শইকীয়াক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে কালি নিশা এ এছ ০৬ বিচি ৩৪৭২ নম্বৰৰ যোৰহাট মুখী ট্ৰাকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা এএছ ০১ ইচি ২১৯৯ নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখী সংৰ্ঘষ লাগে। ফলত আব্দুল গফুৰ,সুধীৰাম কোছ আৰু কৃষ্ণ সিং নামৰ তিনিজনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয়।

আহত ব্যক্তিকেইজনক গৌৰীসাগৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে। কিন্তু ইয়াৰে আহত সুধিৰাম কোচ(২৫) নামৰ চালকজনৰ নিশাই চিকিৎসালয়খতে মৃত্যু হয়।

ইফালে মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ আব্দুল গফুৰ নামৰ গুৰুতৰভাৱে আহত চালকজনক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটো ইমানে ভয়াৱহ আছিল যে দুয়োখন ট্ৰাকৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত ব্যক্তিকেইজনক আৰক্ষী আৰু স্থানীয় ৰাইজে চিপৰাং মাৰি উদ্ধাৰ কৰিব লগীয়া হয়।

আনহাতে নিহত সুধিৰাম কোঁচ গোৱালপাৰ মেডিকেল কলেজৰ সমীপৰ হাচডোভাৰ প্ৰয়াত ডনকা কোচৰ পুত্ৰ বুলি জানিব পৰা গৈছে।