NORTHEAST NOW (Assamese)

মৃত্যুৰ ওচৰত হাৰ মানিলে প্ৰাক্তন প্ৰেমিকাৰ হাতত অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ থকা তেজপুৰৰ অমৰ শৰ্মাই

April 27, 2018 4:52 pm · এন ই নাও নিউজ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আঁকোৱালি ল’লে তেজপুৰৰ অমৰ শৰ্মা নামৰ যুৱকজনে। নিজৰে প্ৰাক্তন প্ৰেমিকাৰ দ্বাৰা অগ্নিদগ্ধ হোৱা যুৱকজনে যোৱা এসপ্তাহ ধৰি মৃত্যুৰে সৈতে যুঁজি অৱশেষত গুৱাহাটীৰ হায়াত হস্পাতালত আজি শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে তেজপুৰত ২০ এপ্ৰিলত অমৰ শৰ্মাৰ যুৱকজনক প্ৰাক্তন প্ৰেমিকাই প্ৰেমিকৰ সৈতে মিলি হত্যা কৰাৰ পৰিকল্পনাৰে জ্বলাই দিছিল। ইয়াৰ পিছতে এটা নলাত সোমাই শৰ্মাই নিজৰ প্ৰাণ বচাবলৈ চেষ্টা কৰিছিল।

তেনে সময়তে শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা অমৰক স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি হস্পিতাললৈ প্ৰেৰণ কৰিছিল। আৰু পিছত যুৱকজনক হায়াট হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে এই ঘটনাক লৈ তেজপুৰ তথা সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছিল।

ইফালে ঘটনা সংঘটিত হোৱাৰ আৰক্ষীয়ে অভিযুক্ত তথা যুৱতী গৰাকী আৰু যুৱতী গৰাকীৰ মাতৃক আটক কৰিছিল। শেহতীয়াকৈ অমৰ শৰ্মা নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ পিছত আৰক্ষীয়ে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

 

Related News