NORTHEAST NOW (Assamese)

মৃদ্যু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসমক

December 11, 2017 4:42 pm · এন ই নাও নিউজ
Updated: December 11, 2017 4:54 pm

আজি  পুৱাৰ ভাগত অহা এক মৃদু প্ৰাৱল্যৰ ভূমিকম্পই ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ কিছু অঞ্চল জোকাৰি যায়।

প্ৰাপ্ত তথ্য মতে পুৱা ৯ বাজি ৪ মিনিটত অহা ভূমিকম্পৰ মান ৪.৭ ৰিখটাৰ স্কেল। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মেঘালয়ৰ নংচন বুলি জানিব পৰা গৈছে।

ভূমিকম্পটোৰ প্ৰভাৱ নামনি অসমত বেছিকৈ পৰাৰ ফলত লোকসকল আতংকিত হৈ মুকলি ঠাইলৈ উলাই আহে। অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বৰ্তমানলৈকে ৰাজ্যখনৰ কোনো ঠাইৰ পৰাই ক্ষয়ক্ষতি খবৰ অহা নাই বুলি জানিবলৈ দিয়ে।

উত্তৰ-পূবৰ অন্য কিছু অঞ্চলটো জোকাৰণিৰ খবৰ পোৱা গৈছে বুলি বতৰ বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

Related News