মেঘালয়ত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাৰ বাবে গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

U.jpg

মুখ্যত: নাৰী সবলীকৰণৰ লক্ষ্য আগত লৈয়ে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাৰ বাবে মেঘালয়ত বুধবাৰৰ পৰা গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰা হৈছে।

য়ুউনিভাৰছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী চমুকৈ য়ুএছটিএমৰ উদ্যোগত মহিলাৰ বাবে এই গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি সদৰী কৰিছে অনষ্ঠানটোৰ মুৰব্বী মহবুবুল হকে।

উল্লেখ্য যে এই মহিলা গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰটোত সমাজৰ ভিন্ন শ্ৰেনীৰ অৰ্থাৎ স্কুলীয়া শিক্ষা সমাপ্ত নকৰা, বিধৱা, দুখীয়া, একক মাতৃকে আদি কৰি অন্যান্য মহিলা সকলক স্বনিৰ্ভৰশীল হোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইয়াৰ জৰিয়তে মহিলা সকলক গাড়ী চালনাৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ উপৰি কৰিকৰী দিশ সমূহৰো প্ৰশিক্ষণ দিব অভিজ্ঞ প্ৰশিক্ষক সকলে।

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ পৰা গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰটোত নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।এই প্ৰশিক্ষণ পৰ্ব অহা ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব বুলি সদৰী কৰিছে য়ুএছটিএমৰ মুৰব্বী গৰাকীয়ে।

এই সন্দৰ্ভত আয়োজিত সংবাদমেলত য়ুএছটিএমৰ বিষয়ববীয়াৰ সৈতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত য়ুএছটিএমে নিযুক্তিৰ ক্ষেত্ৰত যাৱতীয় সহায় আগবঢ়াব প্রশিক্ষাৰ্থী সকলক।