মেঘালয়ত কালি (২৮ মে’ত) আচহুৱা ৰোগৰ লক্ষণযুক্ত বহু কেইজনক লোকক ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এইসকল শেহতীয়া আতংক নিপাহ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি ওলোৱা খবৰটো ভিত্তিহীন বুলি মেঘালয় চৰকাৰৰ Integrated Disease Surveillance Programme ৰ ৰাজ্যিক নিৰীক্ষণ বিষয়াই জানিবলৈ দিছে। নিৰীক্ষণ বিষয়া ডাঃ এল এম পদাহে কয় যে এই বাতৰিটোৰ কোনো ভিত্তি নাই আৰু বাৰ্তাটোত উল্লেখ থকাৰ দৰে ৱিলিয়ামনগৰ অসামৰিক হস্পিটেলত ডাঃ বাসন্তী আৰ চাংমা নামৰ কোনো চিকিৎসক নাই।
আনহাতে মেঘালয় চৰকাৰৰ চিকিৎসা বিভাগে পূব গাৰো পাহাৰ জিলাত আতংকৰ সৃষ্টি কৰা এই ভুৱা বাতৰিটো প্ৰচাৰ কৰা চক্ৰবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী কৰিছে।
ডাঃ পদাহে কয় যে তেওঁ ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ জে মাৰাকৰ সৈতে কথা পাতিছে আৰু তেওঁ এই খবৰটোৰ কোনো ভিত্তি নাই বুলি জানিবলৈ দিয়ে।
অধীক্ষকজনে এনেবোৰ কথাক লৈ ধেমালি নকৰিবলৈও সকলোকে সকীয়াই দিয়ে। এইটো চাইবাৰ অপৰাধৰ ভিতৰতো পৰে আৰু এই অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি তেওঁ ডাঃ পদাহৰ আগত কয়।
উল্লেখযোগ্য যে আচহুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈ বহুকেইজন লোক কালি ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে বুলি কালি বাতৰি প্ৰচাৰ হৈছিল (এই বাতৰিটো নৰ্থ-ইষ্ট নাও-য়েও জনসাধাৰণৰ স্বাৰ্থত প্ৰচাৰ কৰিছিল)।
কিন্তু ঘাইকৈ হোৱাটছ-এপৰ জৰিয়তে দ্ৰুত গতিত বিয়পি পৰা এই খবৰটোৱে মেঘালয়ৰ ঠাই বিশেষত আতংকৰ সৃষ্টি কৰাত চৰকাৰৰ বিভাগবোৰে ইয়াৰ অনুসন্ধান কৰে আৰু ভিত্তিহীন বুলি স্পষ্টকৈ সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থ জনায়।
মন কৰিব লগীয়া যে বাতৰিটোত ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়খনৰ ডাঃ বাসন্তী আৰ চাংমা নামৰ এগৰাকী চিকিৎসকৰ উদ্ধৃতি দিয়া হৈছিল, যি নামৰ চিকিৎসক চিকিৎসালয়খনত নায়েই। আনহাতে ফাদাৰ জেইমছ চাংমা নামৰ এজন আক্ৰান্ত ৰোগীৰ কথাও কোৱা হৈছিল ভুৱা বাতৰিটোত।
লগতে কোৱা হৈছিল যে লিচু খোৱাৰ ফলতে এই ৰোগ হৈছে। যিহেতু লিচু বাদুলিৰ প্ৰিয় খাদ্য আৰু বাদুলিৰ জৰিয়তে নিপাহ নামৰ এবিধ ভাইৰাছে শেহতীয়াকৈ ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে, সেয়ে বাতৰিটোত সৰ্বসাধাৰণ আতংকিত হৈ পৰিছিল।
উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি বাদুলিৰ পৰা বিয়পিব পৰা নিপাহ ভাইৰাছ (nipah virus) নামৰ এবিধ বীজাণুজনিত নতুন ৰোগে ভাৰতত আতংকৰ সৃষ্টি কৰিছে। কেৰেলাত এই ভাইৰাছবিধে ইতিমধ্যে ১২জনৰো অধিক লোকৰ প্ৰাণ লৈছে।